
নিউজ ডেস্ক:
প্ৰাপ্যৰ দাবীত শুকুৰবাৰে সহস্ৰাধিক মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাই কঁপালে গুৱাহাটীৰ খানাপাৰা।দৰমহা বৃদ্ধিৰ লগতে বহুকেইটা দাবীৰে ৰূপায়ণ কৰে চৰকাৰৰ নিদ্রা ভংগ ৰেলী।খানাপাৰাৰ পৰা পদব্ৰজে কাহিলীপাৰা মিছন সঞ্চালকালয় ঘেৰাও কৰা লক্ষ্যৰে প্ৰতিবাদকাৰী আগবাঢ়িছিল যদিও আৰক্ষীৰ-প্ৰশাসনে বাধা প্ৰদান কৰে।উল্লেখ্য যে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাৰ আহ্বান মৰ্মে ৰূপায়ণ কৰা প্ৰতিবাদত হাজাৰৰো অধিক ৰান্ধনী -সহায়িকাই অংশগ্ৰহণ কৰে।গুৰুত্বপূৰ্ণ কথা এই যে দীর্ঘ দিনৰ পৰা ৰান্ধনী-সহায়িকাসকলে দৰমহা ৯৬০০টকা কৰাৰ দাবীত ৰূপায়ণ কৰি আহিছে প্ৰতিবাদ।বৰ্তমান তেওঁলোকে লাভ কৰে ১৫০০টকা।কিন্তু ৰহস্যজনক ভাৱে শেহতীয়াকৈ ৫০০টকাটো অসম চৰকাৰে প্ৰদান কৰা নাই।তাৎপৰ্যপূৰ্ণ কথা এই যে , সমগ্ৰ ৰাজ্যত প্ৰায় ১লাখ ১৯ হাজাৰ ৰান্ধনী-সহায়িকা নিয়োজিত হৈ আছে।
আনহাতে প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ দাবী ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক অৱগত কৰোৱাৰ বাবে সাব্যস্ত কৰা প্ৰতিবাদত অংশ লৈ পৰিৱেশন উত্তাল কৰি তোলে।ৰান্ধনী-সহায়িকাসকলক অৱসৰৰ পাছত পেঞ্চনৰ সুবিধা আৰু মেডিকেলৰ সুবিধা প্ৰদানৰ দাবী জনায়।ইয়াৰ উপৰি মধ্যাহ্ন ভোজন আঁচনিখন কোনো কাৰণত বে-চৰকাৰী সন্থাক প্ৰদান কৰিব নোৱাৰিব।
ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মিছন সঞ্চালকৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে উপদেষ্টা তৃষ্ণা নাথ, সভাপতি সবিতা বড়ো , উপ সভানেত্ৰী খুদেজা খাতুনে।
- Log in to post comments
- 10 views