
নিউজ ডেস্ক:
লংকাৰ বনবিভাগৰ অভিযানত নখুটিৰ ১ নং মৌজাদাৰ গাঁৱৰ পৰা জব্দ অবৈধ ফলা কাঠ ।
এঘৰ মানুহৰ চোতালত মাটিত পেলাই থোৱা অৱস্হাত জব্দ কৰা হৈছে ফলা কাঠ খিনি। জব্দকৃত কাঠখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় দুই লাখ পঞ্চাশ হাজাৰ টকা। এক গোপন সুত্ৰৰ পম খেদি লংকা বন বিভাগৰ লোকে অভিযান চলাই জব্দ কৰে কাঠখিনি। জব্দকৃত কাঠখিনি উদ্ধাৰ কৰি লংকা বনাঞ্চলিক কাৰ্য্যালয়লৈ অনাৰ লগতে লংকা বন বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, ঘটনা সন্দৰ্ভত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই লংকা বন বিভাগৰ লোক।
- Log in to post comments
- 11 views