শিক্ষকৰ পিছত শুকুৰবাৰে ১.১৯লাখ মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাই ঘেৰাও কৰিব মিছন সঞ্চালকালয়

A

নিউজ ডেস্ক:

প্ৰাপ্যৰ দাবীত ৰাজ্যৰ ঠিকাভিত্তিত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে গুৱাহাটী স্তব্ধ কৰাৰ পিচত এইবাৰ গুৱাহাটী পুনৰ স্তব্ধ কৰিবলৈ সাজু ৰাজ্যৰ মধ্যাহ্ন ভোজন ৰান্ধনী -সহায়িকা সন্থা।শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথ কপাব   ১লাখ ১৯হাজাৰ উচ্চ প্ৰাথমিক ৰান্ধনী-সহায়িকাই।মহানগৰীৰ খানাপাৰাৰ পৰা পদব্ৰজে কাহিলীপাৰাস্থিত মিছন সঞ্চালকালয় ঘেৰাও কৰিব ৰান্ধনী-সহায়িকাই।উল্লেখ্য যে টেট উত্তীৰ্ণ ৪০হাজাৰ ঠিকাভিত্তিক শিক্ষকে আজি ঘেৰাও কৰিছিল মিছন সঞ্চালকালয়।
গুৰুত্বপূৰ্ণ কথা এই যে ৰান্ধনী-সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰাকে ধৰি বহুকেইটা দাবীত ৰূপায়ণ কৰিব প্ৰতিবাদ।

Your Comments