টেট শিক্ষকসকলে কাৰোবাৰ চক্ৰান্তত পৰি আন্দোলন কৰিছে-শিক্ষামন্ত্ৰী

A

নিউজ ডেস্ক:
"টেট শিক্ষকসকলৰ আন্দোলন অনাকাংক্ষিত।কৰোবাৰ চক্ৰান্তত তেওঁলোকে আন্দোলন কৰিছে"- টেট শিক্ষকৰ প্ৰতিবাদক লৈ এই মন্তব্য প্ৰকাশ কৰে  শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।যিদৰে কোনো টকা নিদিয়াকৈ চাকৰি লাভ কৰিছে ঠিক একেদৰে সমহাৰ বেতন, ডিএ আদি আন্দোলনৰ নামত এহেজাৰ এহেজাৰ নিদিয়াকৈ পাব।কেৱল কেইটামান দিন অপেক্ষা কৰক- পেগুৱে শিক্ষকসকলক আশ্বাস প্ৰদান কৰি এইদৰে কয়।
উল্লেখ্য যে বৰ্তমানৰ মুখ্যমন্ত্ৰী শৰ্মা শিক্ষামন্ত্ৰীৰ দিনতে নিযুক্তি লাভ কৰা ৪০হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকে আজি প্ৰাপ্যৰ দাবীত কাহিলীপাৰা সৰ্বশিক্ষা মিছন সঞ্চালকালয়ত সাব্যস্ত কৰে প্ৰতিবাদ।হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ কাহিলীপাৰাৰ ৰাজপথ।গুৰুত্বপূৰ্ণ কথা এই যে, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক সৰ্বকালৰ এক অদক্ষ মন্ত্ৰী বুলিও প্ৰতিবাদস্থলীৰ পৰা অভিহিত কৰে শিক্ষকসমাজে।
আনহাতে শিক্ষকসকলে প্ৰতিবাদ ইমানেই জংগী কৰি তোলে সৰ্বশিক্ষা মিছন সঞ্চালক প্ৰতিবাদকাৰীৰ মাজলৈ ওলাই আহি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাত হে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে।

Your Comments