চৰকাৰী কৰ্মচাৰী, শিক্ষক-অধ্যাপকে আন্দোলন কৰাটো মই সমৰ্থন নকৰো- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:
"শ্রেণীকোঠা এৰি শিক্ষকে আন্দোলন কৰা গ্ৰহণযোগ্য নহয়।সেইটো অসমৰ পৰিচয় হ'ব নালাগে।অসমবাসী ৰাইজে আন্দোলন বিবৰ্জিত এক পৰিৱেশ বিচাৰিছে।চৰকাৰে কিবা নিদিলে তাৰ বাবে ন্যায়ালয়,আদালত আছে" টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদক লৈ মন্তব্য  ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।চৰকাৰী কৰ্মচাৰী, শিক্ষক-অধ্যাপকে আন্দোলন কৰাতো সমৰ্থন নকৰো বুলিও লগতে তেওঁ কয়।
উল্লেখ্য যে বৰ্তমানৰ মুখ্যমন্ত্ৰী শৰ্মা শিক্ষামন্ত্ৰীৰ দিনতে নিযুক্তি লাভ কৰা ৪০হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকে বৃহস্পতিবাৰে প্ৰাপ্য বিচাৰি গুৱাহাটী কাহিলীপাৰা সৰ্বশিক্ষা মিছন সঞ্চালকালয়ত সাব্যস্ত কৰে প্ৰতিবাদ।হাজাৰ হাজাৰ শিক্ষকৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ কাহিলীপাৰাৰ ৰাজপথ।
গুৰুত্বপূৰ্ণ কথা এই যে ,শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক সৰ্বকালৰ এক অদক্ষ মন্ত্ৰী বুলিও প্ৰতিবাদস্থলীৰ পৰা অভিহিত কৰে।
আনহাতে শিক্ষকসকলে প্ৰতিবাদ ইমানেই জংগী কৰি তোলে সৰ্বশিক্ষা মিছন সঞ্চালক প্ৰতিবাদকাৰীৰ মাজলৈ ওলাই আহি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাত হে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰে।

Your Comments