
নিউজ ডেস্ক:
প্ৰাপ্যৰ দাবীৰে বৃহস্পতিবাৰে গুৱাহাটী কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয় কাৰ্যালয় ঘেৰাও কৰিলে ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষকে।ঠিকাভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে কাৰ্যালয়ৰ কাম-কাজ।টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদত সমগ্র কাহিলাপাৰাৰ ৰাজপথ কঁপি উঠে।ৰাজপথতে বহি প্ৰাপ্য বিচাৰে শিক্ষকসকলে।প্ৰতিবাদী শিক্ষকক নিয়ন্ত্ৰণ কৰা বাবে মোটায়ন কৰে আৰক্ষী-অৰ্ধসামৰিক বাহিনী।
উল্লেখ্য যে প্ৰতিবাদ ৰোধৰ বাবে আৰক্ষীয়ে ভিন্ন জিলাৰ পৰা অহা শিক্ষকসকলক বিভিন্ন স্থানত আবদ্ধ কৰিব চেষ্টা কৰিছিল যদিও প্ৰতিবাদ নিয়ন্ত্ৰণত সফল নহল আৰক্ষী তথা প্ৰশাসন।তাৰ মাজতো একাংশ শিক্ষক প্ৰতিবাদকাৰীক পল্টনবজাৰ ৰেলষ্টেচন, বৰপেটা ৰোড, গোলাঘাট, খানাপাৰা আদি বিভিন্ন স্থানত আৰক্ষীয়ে আবদ্ধ কৰে।আনহাতে প্ৰতিবাদত অংশ লবলৈ অহা একাংশ শিক্ষকক দিছপুৰ আৰক্ষীয়ে আটক কৰি চছলৰ ধৰ্ণাস্থলীলৈ বাছেৰে লৈ যায়।
"চাকৰি নিয়মীয়াকৰণ, বকেয়া আদায় দিয়া, ৩০মাহে বঞ্চিত হৈ থকা ৫% মৰগীয়া বানাচ মোকলাই দিয়া আৰু ২০২০চনৰ কেবিনেটৰ অনুমোদিত সা-সুবিধা প্ৰদানৰ দাবীত সাব্যস্ত কৰে শিক্ষক সমাজে প্ৰতিবাদ"।
শিক্ষকসকলে প্ৰতিবাদত অংশ লৈ বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰে।বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰক, মৃত্যুকালীন সুবিধা প্ৰদান কৰক, সপ্তম দৰমহা আয়োগৰ দৰমহা প্ৰদানত ৰৈ যোৱা আসোঁৱাহ দূৰ কৰি শুদ্ধ নিৰিখত দৰমহা গাথঁনি প্ৰদান নিশ্চিত কৰক, চাকৰি নিয়মীয়াকৰণ কৰক, এন পি এছ, চাৰ্ভিছ বুক প্ৰদান কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
"বিদ্যালয়ত শ্রেণীকোঠাত থাকি আমি ভাল পাওঁ কিন্তু চৰকাৰে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে।প্ৰাপ্য বিচাৰি শিক্ষকসকল ৰাজপথলৈ ওলাই অহাটো চৰকাৰখনৰ বাবে লজ্জিত কথা"- প্ৰতিবাদী শিক্ষকে এইদৰে কয়।
কাহিলীপাৰাৰ ৰাজপথত বহি শিক্ষকসকলে শিক্ষামন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় শ্লোগান প্ৰদান কৰে।আনহাতে সমস্যাটো সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়া হস্তক্ষেপৰ দাবী জনায়।উল্লেখ্য যে বর্তমানৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মা শিক্ষামন্ত্ৰীৰ দিনতে নিযুক্তি লাভ কৰিছিল এইসকল ঠিকাভিত্তিত শিক্ষকে।
ইফালে প্ৰতিবাদৰ অন্তত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে শিক্ষক সমাজে।লগতে মিছন সঞ্চালকালয়ে দাবীসমূহ শীঘ্ৰে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰাত কাৰ্যসূচী সামৰণি পৰে।
- Log in to post comments
- 19 views