
নিউজ ডেস্ক:
প্ৰাপ্য দাবীত বৃহস্পতিবাৰে গুৱাহাটী কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিব ৰাজ্যৰ ৪০হাজাৰ প্ৰাথমিক ঠিকাভিত্তিক টেট উত্তীৰ্ণই।চাকৰি নিয়মীয়াকৰণ, বকেয়া আদায় দিয়া, ৩০মাহে বঞ্চিত হৈ থকা ৫% মৰগীয়া বানাচ মোকলাই দিয়া আৰু ২০২০চনৰ কেবিনেটৰ অনুমোদিত সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব শিক্ষক সমাজে।আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত টেট উত্তীৰ্ণ শিক্ষক সমাজে কয়-শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বাজেট অধিৱেশনত শিক্ষকসকলৰ বাবে ভাল খবৰ লৈ আহিব বুলি প্ৰতিশ্ৰুতি দিছিল যোৱা ১১মাৰ্চত হোৱা আলোচনাত।কিন্তু ঘোষিত বাজেটত শিক্ষকসকলৰ বাবে কোনো ঘোষণা নকৰিলে।তাতেই জাঙুৰ খাই উঠিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ।
আনহাতে টেট শিক্ষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীলৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সমৰ্থন আগবঢ়াইছে বুলি জানিব দিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।
- Log in to post comments
- 35 views