
নিউজ ডেস্ক:
পুৱাই গুৱাহাটীৰ জনতা ভৱনত ৰাজ্যিক কেবিনেট।ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত লোৱা হৈছে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষিত ৰখাৰ বাবে ১০কিঃমিঃ আঁতৰে আঁতৰে ইক'ছেন্সিটিভ জ’ন ঘোষণা।ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭টাকৈ স্থানক ইক'ছেন্সিটিভ জনত অন্তৰ্ভুক্ত কৰিছে।কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প, বুঢ়া চাপৰি ,লাওখোৱা, গৰমপানী, নামবৰ দৈগুৰুং, পূব কাৰ্বি আংলং আৰু উত্তৰ-কাৰ্বি আংলং ইক'ছেন্সিটিভ জ’নৰ অন্তৰ্গত হ’ব।ইয়াৰ উপৰিও ১১টা অঞ্চল ৰিজাৰ্ভ ফৰেষ্ট আৰু ৯টা এনিমেল ক’ৰিডৰৰূপে চিনাক্তকৰণ কৰিছে।উল্লেখ্য যে ইক'ছেন্সিটিভ জ’নত কোনো নিৰ্মান কাৰ্যৰ অনুমতি নাথাকিব।
আনহাতে উক্ত কেবিনেট বৈঠকতে নগাঁও আৰু কাছাৰ কাগজকল ক্ৰয় কৰাৰ বাবে উদ্যোগ বিভাগক ৩৭৫কোটি টকা অনুমোদন জনাইছে চৰকাৰে।উল্লেখ্য যে ,অহা ৩-৪মাহৰ ভিতৰত কল দুটাৰ কৰ্মচাৰীসকলে পাবলৈ থকা বকেয়া লাভ কৰিব বুলি বৈঠকৰ অন্তত মন্ত্ৰী পিযুষ হাজৰিকাই জনায়।গুৰুত্বপূৰ্ণ কথা যে বন্ধ হৈ থকা কাগজকল দুটা অসম চৰকাৰে ক্ৰয় কৰিছে।
- Log in to post comments
- 18 views