আই পি এছ আনন্দ মিশ্ৰক নতুন দায়িত্ব অৰ্পণ, পঢ়ক

A

B

নিউজ ডেস্ক:
আৰক্ষী বিষয়া আনন্দ মিশ্ৰক নতুন দায়িত্ব অৰ্পণ।গৃহ বিভাগে মঙলবাৰে এছপি মিশ্ৰক অসম আৰক্ষীৰ মুখ্যকাৰ্যালয়ত আৰক্ষী সহকাৰী মহাপৰিদৰ্শক(খেল) দায়িত্বত নিযুক্তি প্ৰদান কৰিছে।উল্লেখ্য যে নগাঁও জিলা আৰক্ষীৰ অধীক্ষক হিচাপে দায়িত্বভাৰ চলাই থকা সময়তে ছাত্ৰনেতা কীৰ্তি কমল বৰাৰ গুলিবিদ্ধ ঘটনা পাছতেই গুৱাহাটী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ আই পি এছ বিষয়া মিশ্রক তলব কৰা হৈছিল।গুৰুত্বপূৰ্ণ কথা এই যে , আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্তব্যপালন কৰি থকা বিষয়া সহকাৰী মহাপৰিদৰ্শক(খেল) হিচাপে নিযুক্তি দিয়া হৈছে।

Your Comments