
নিউজ ডেস্ক:
নগাঁও জিলাৰ কলিয়াবৰত শেহতীয়াকৈ পোহৰলৈ আহিছে চৰকাৰী দোকান গৃহ আৱন্টনৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ভয়ংকৰ তথ্য। প্ৰাপ্ত তথ্য মতে কলিয়াবৰ আঞ্চলিক পঞ্চায়তে চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা দোকানগৃহ সমূহৰ ভিতৰত ২৯ টা দোকান গৃহৰ কোঠা বৰ্তমানে ভাড়াত লৈ স্থানীয় ব্যৱসায়ীয়ে ব্যৱসায় চলাই আছে যদিও ইয়াৰ অন্তৰালত জড়িত হৈ আছে বৃহৎ এটা চিণ্ডিকেট চক্ৰ। স্থানীয় সাংবাদিক গোলাপ শইকীয়াই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। কলিয়াবৰ আঞ্চলিক পঞ্চায়ত এলেকা হাতীবন্ধা অঞ্চলত ৪ গৰাকী ব্যৱসায়ীয়ে মাহে ২০০/-টকা ভাড়াত, ৩ গৰাকী ব্যৱসায়ীয়ে ১৫০/- টকাত চৰকাৰী দোকান গৃহ ভাড়াত লৈ ব্যৱসায় চলাই আছে। একেদৰে শিলঘাটত তিনিগৰাকী ব্যৱসায়ীয়ে মাহে ১৫০/- টকাত, সৰুভগীয়া, ভলাগুৰী, শাকমুঠিৰ তিনিজন ব্যৱসায়ী আৰু জখলাবন্ধাৰ ৩ গৰাকীয়ে মাহে ৩০০/- টকাত, জখলাবন্ধাৰ ৫ গৰাকী ব্যৱসায়ীয়ে মাহে ৫০০/-টকা ভাড়াত, ঢেকিয়াল, সুন্দৰচুক আৰু কামাখ্যা গাঁৱৰ চাৰিজন ব্যৱসায়ীয়ে মাহে ৬০০/-টকাকৈ দোকানগৃহ ভাড়াত লৈ ব্যৱসায় কৰি আছে যদিও ইয়াৰে অধিকাংশ ব্যৱসায়ীয়ে কলিয়াবৰ আঞ্চলিক পঞ্চায়তত জমা দিবলৈ বাকী আছে বৃহৎ পৰিমানৰ ধন। পি এম জি এচ ওৱাই, পঞ্চম ৰাজ্যিক আয়োগ, দ্বাদশ বিত্তীয় আয়োগকে ধৰি বিভিন্ন আঁচনিৰ ধন ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী বজাৰ গৃহ আৱন্টনৰ লগতে আমানতৰ ধন আদায়ৰ নামতো ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। কোনোধৰণৰ চুক্তি পত্ৰ নকৰাকৈ কলিয়াবৰ আঞ্চলিক পঞ্চায়তে স্বজন-তোষন নীতি আৰু ৰাজনৈতিক হস্তক্ষেপত দোকানগৃহ আৱন্টন দিয়াত প্ৰকৃত ব্যৱসায়ী বঞ্চিত হ'ব লগা হৈছে। একেদৰে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮ টা গাঁও পঞ্চায়তৰ ভিতৰত বৰঘুলি,শালনাকে ধৰি কেইবাটাও গাঁও পঞ্চায়তত চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰা দোকান ঘৰ সমূহৰ ভাড়া বছৰ বছৰ ধৰি পৰিশোধ কৰিবলৈ বাকী থকাৰ তথ্য পোহৰলৈ আহিছে। কোনো ধৰনৰ বৈধ নথি পত্ৰ অথবা চুক্তি পত্ৰ প্ৰস্তুত নকৰাকৈ দোকান ঘৰ সমুহ ভাড়াত দিয়াত পঞ্চায়ত সমূহে ৰাজহ হেৰুৱাব লগা হৈছে। অন্যহাতেদি একাংশ ভাৰাতীয়াই সময়ে সময়ে পঞ্চায়তত ভাড়া আদায় দিয়া বুলি জানিব দিয়ে যদিও ভাড়া আদায় ৰ কোনো তথ্য মজুত নাই ভাৰাতীয়া অথবা পঞ্চায়ত কাৰ্যালয়ত। তথ্য জনাৰ আধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য মতে কেৱল আঞ্জুকপানী গাঁও পঞ্চায়তে ২০২০-২১ বৰ্ষত ১৯ হাজাৰ আৰু ২০২১-২২ বৰ্ষত ৩৫০০/- টকা ভাড়াৰ বাবদ লাভ কৰিছে। বৰঘুলি গাঁও পঞ্চায়তে ২০১৫-১৬ বৰ্ষত ৬ লাখ টকা আৰু ২০১৬-১৭ বৰ্ষত ৩ লাখ টকা আৰু ২০১৮-১৯ বৰ্ষত ১ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি দোকান ঘৰ নিৰ্মাণ কৰাৰ পাছতো পঞ্চায়তে কোনো দোকান ঘৰ নিৰ্মাণ কৰা নাই বুলি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদনকাৰীক তথ্য দাখিল কৰিছিল। শালনা গাঁও পঞ্চায়তে চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিৰ ২ লাখ ৪৯ হাজাৰ টকা ব্যয় কৰি লেংটেং বজাৰত দোকান গৃহ আৰু শালনা সমবায় সমিতিৰ কাষত ২ লাখ ৫০ হাজাৰ টকা ব্যয় কৰি বজাৰ গৃহ নিৰ্মাণ কৰিলে যদিও তাৰ বিপৰীতে এটা টকাও বৰ্তমানে লাভ কৰা নাই বুলি আবেদনকাৰীক তথ্য দাখিল কৰিছে। ৰাইজৰ ধন খৰছ কৰি কলিয়াবৰত ৰূপায়ণ কৰা আঁচনি সমূহৰ বাস্তৱ চবিখনৰ এইয়া মাত্ৰ এটা উদাহৰণ। সেয়েহে ইয়াৰ এটা উচিত তদন্তৰ প্ৰয়োজন। দোকান গৃহ আৱন্টন, আমানতৰ জমা ধন আৰু অনাদায়ী ভাড়া সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰু জিলা উপায়ুক্ত তথা মহকুমাধিপতীৰ হস্তক্ষেপ বিচৰাৰ লগতে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ দ্বাৰা তদন্তৰ দাবী উঠিছে কলিয়াবৰত।
- Log in to post comments
- 24 views