নিৰ্বাকৰ বিশ্ব মুকাভিনয় দিৱস উদযাপন

A

নিউজ ডেস্ক:

বিশ্ব মুকাভিনয় দিৱস উপলক্ষে গুৱাহাটী মহানগৰীৰ বিষ্ণু নিৰ্মলা ভৱনত মঙলবাৰে উন্মোচন কৰা হয় মাইম জাৰ্নেল নিৰ্বাকৰ দ্বিতীয় সংখ্যা।ভাৰতবৰ্ষৰ পৰা প্ৰকাশিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাক।মুকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত আৰু প্রতীতি কাত্যায়নৰ সহ:সম্পাদনাত প্ৰকাশ পোৱা জাৰ্নেলখন প্ৰতি বছৰে বিশ্ব মুকাভিনয় দিৱসত প্ৰকাশ কৰা হয়।উল্লেখ্য যে জাৰ্নেলখনত জাৰ্মানী, ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আদি বিভিন্ন দেশৰ মুকাভিনয় শিল্পীৰ লিখনি প্ৰকাশ হৈছে।গুৱাহাটী লতাশিলস্থিত বিষ্ণুনিৰ্মলা ভৱনত নিৰ্বাক উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ দুলাল ৰয়, মানবেন্দ্ৰ ৰংহাং চৌধুৰী, ৰবিজিতা গগৈ, অধিবক্তা তথা সাংবাদিক দীপক শৰ্মা আৰু অভিনেতা অৰ্ঘ্যদীপ বৰুৱা।অনুষ্ঠানটোৰ আঁত ধৰে অভিনেতা জগদীশ ডেকাই।

Your Comments