ইউক্ৰেইনৰ পৰা ৫৯ গৰাকী অসমৰ শিক্ষাৰ্থীক বর্তমানলৈ উদ্ধাৰ

A

নিউজ ডেস্ক:

ৰাছিয়াৰ আক্ৰমনত বিধ্বস্ত ইউক্ৰেইনৰ পৰা বৰ্তমানলৈ অসমৰ ৫৯গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ কৰা হৈছে।আজি সাই স্বপ্নিল নামৰ শিক্ষাৰ্থী গৰাকী দিল্লীত  উপস্থিত হয়।ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে দেশলৈ প্ৰত্যাৱৰ্তন কৰায় ছাত্ৰ গৰাকীক।উল্লেখ্য যে অসমৰ ১৬০গৰাকী ছাত্ৰ আবদ্ধ হৈ পৰা তথ্য প্ৰকাশ কৰিছিল অসম চৰকাৰে।৫৯গৰাকীৰ সৰ্বাধিক কামৰূপ(ম) জিলাৰ।গুৰুত্বপূৰ্ণ কথা এই যে , ভাৰত চৰকাৰে ইতিমধ্যে দেশৰ ছাত্ৰ তথা নাগৰিকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে।চৰকাৰী তথ্য মৰ্মে বৰ্তমানো ১০১গৰাকী অসমৰ শিক্ষাৰ্থী ঘূৰাই আনিবলৈ বাকী আছে।

Your Comments