ঘগ্ৰাপাৰত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত ভংয়কৰ অগ্নিকাণ্ড;কথমপি ৰক্ষা পৰিল অৰ্ধশতাধিক কৰ্মচাৰীসহ স্থানীয় আৱাসী

A

নিউজ ডেস্ক:

 নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণগাঁওস্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজৰ কাম তীব্ৰগতিত চলি থকাৰ সময়তে আজি দুপৰীয়া ১২:৩০ বজাত নিৰ্মাণৰত মেডিকেল কলেজখনৰ চৌহদত এখন ডাম্পাৰত ভংয়কৰ অগ্নিকাণ্ড সংঘটিত হয়।যাৰ পৰিপ্ৰেক্ষিতত নলবাৰী কলেজখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা  নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনৰ প্ৰায় অৰ্ধশতাধিক কৰ্মৰত কৰ্মচাৰী সহ স্থানীয় আৱাসীৰ লগতে ভালেকেইখন ব‍্যৱসায়-প্ৰতিষ্ঠান কথমপি ৰক্ষা পৰে।জানিব পৰা মতে  নিৰ্মাণৰত মেডিকেল কলেজৰ কিছু কাম-কাজ উক্ত  ডাম্পাৰত বিজুলী সংযোগেৰে ওৱালদিং কৰি থকাৰ সময়তে  অসাৱধনতাৰ বাবে ডাম্পাৰখনত চৰ্ট চাৰ্কিট হৈ বিদুৎস্পৃষ্ট হৈ পৰে।লগে লগে ডাম্পাৰখনৰ ইঞ্জিনত জুই নিগৰি হৈ মেডিকেল খনৰ (পশ্চিমদিশৰ - প্ৰথম গেটৰ সন্মুখত) ডাম্পাৰখন দাউ-দাউকৈ জ্বলি উঠে।যাক লৈ নিৰ্মাণ কাৰ্যত জড়িত কৰ্মচাৰী, স্থানীয় আৱাসী আৰু সন্মুখত থকা দোকানীসকলৰ মাজত হুৱাদুৱা লাগে।স্থানীয় ৰাইজ আৰু মেডিকেলখনৰ নিৰ্মাণ কাৰ্যত জড়িত কৰ্মচাৰীসকলে  অগ্নি নিৰ্বাপক বাহিনী অহাৰ পুৰ্বে জুই নিৰ্বাপিত কৰে। অগ্নিকাণ্ডৰ ফলত ডাম্পাৰখনৰ ইঞ্জিনসহ আগৰ অংশ সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে ইয়াৰে কৰ্মৰত অৰ্ধশতাধিক কৰ্মচাৰীৰ লগতে মেডিকেল খনৰ সন্মুখৰ একাংশ আৱাসীসহ ভালেসংখ্যক ব‍্যৱসায়-প্ৰতিষ্ঠান ভয়ানক বিপদৰ পৰা কোনোমতে ৰক্ষা পৰে ।ইফালে মেডিকেল কলেজ খনৰ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকচনৰ মইমতালি তথা অসাৱধনতাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অভিযোগ তুলিছে।উল্লেখ‍্য যে ইয়াৰ পূৰ্বেও নিৰ্মীয়মাণ মেডিকেল কলেজখনৰ ভিতৰত  এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

Your Comments