পৌৰ নিৰ্বাচনত উত্তৰ-গুৱাহাটীত প্ৰতিদ্বন্দিতা ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত বিজ্ঞানীৰ, পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যৰ পৌৰ নিৰ্বাচনলৈ মাজত আৰু তিনিটা দিন।প্ৰাৰ্থীৰ অন্তিম ব্যস্ততা এতিয়া দেখা গৈছে চৌদিশে।এইবাৰ পৌৰ নিৰ্বাচনী ৰণত নামিছে এগৰাকী যুৱ-বিজ্ঞানী চম্পক বৰা।জালুকবাৰী সমষ্টিৰ উত্তৰ-গুৱাহাটী ৪নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে চম্পক বৰাই।উল্লেখ্য যে বৰা এগৰাকী পেচাত উদ্ভাৱক।বর্তমানলৈ উদ্ভাৱন কৰিছে বহু নতুন উদ্ভাৱনী যন্ত্ৰ।যাৰ বাবে ২০০৫ চনত ৰাষ্ট্ৰপতি পুৰস্কাৰেৰে সন্মানিত হৈছিল। 
গুৰুত্বপূৰ্ণ কথা এই যে ,মুখ‍্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গৰূপে জনাজাত জালুকবাৰী সমষ্টিৰ উত্তৰ-গুৱাহাটী ৪নং ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বৰাই এতিয়া ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰত ব‍্যস্ত হৈ পৰিছে।

Your Comments