
নিউজ ডেস্ক:
ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ উজনি অসমৰ অন্যতম চেপন কেন্দ্ৰীয় ৰঙালী বিহুৰ দিন ঘোষণা।ঊনত্ৰিঙশতিতম বাৰ্ষিক ৰঙালী বিহু সন্মিলনখন ৩,৪ আৰু ৫ বহাগত অনুষ্ঠিত হ'ব।বৰবিহুৱা ডামচাও বুঢ়াগোহাঞি ক্ষেত্ৰ (চেপন মহাবিদ্যালয় খেলপথাৰত) অনুষ্ঠিত হ'ব লগা বিহু সন্মিলনখনৰ এইবাৰৰ মুখ্য আকর্ষণ হৈছে অসম ভিত্তিত আয়োজিত হুঁচৰি বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৪লাখ টকা।একেদৰে দ্বিতীয় পুৰস্কাৰ ২লাখ আৰু তৃতীয় পুৰস্কাৰ ১লাখ টকা।আনহাতে অসম ভিত্তিত বৰবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ২ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ ১ লাখ টকা।উল্লেখ্য যে সন্মিলনৰ অন্তিম দিনা নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সাংস্কৃতিক সন্ধিয়া।গুৰুত্বপূৰ্ণ কথা এই যে ,অন্য বৰ্ষৰ দৰে এইবাৰো সন্মিলনৰ আয়োজক সমিতিয়ে স্মৰণিকা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।স্মৰণিকা প্ৰতিযোগিতাৰ পুৰস্কাৰ ক্ৰমে ৩০ হাজাৰ, ২০ হাজাৰ আৰু ১০হাজাৰ টকা।বিগত দুটা বৰ্ষ কৰোনাৰ বাবে আয়োজন কৰিব পৰা নাছিল বিহু সন্মিলনখন।
- Log in to post comments
- 41 views