গুৱাহাটীত মুকলি হ'ল উল্টা কেৱ(oollta cab) সেৱা

A

নিউজ ডেস্ক:

ক'ৰনা আৰু লকডাউনৰ পিছত সমগ্ৰ বিশ্বৰ অৰ্থনীতি স্থবিৰ হৈ পৰিছে।অসমৰ বহু শিক্ষিত যুৱক লকডাউনৰ সময়ত ঘৰমুৱা হৈ নিবনুৱা বা উপযুক্ত কামৰ অভাৱত বৰ্তমান এনেই থাকিব লগা হৈছে।তেনে এক সন্ধিক্ষণত ৰাজ্যত গুৱাহাটীৰ তপন কুমাৰ ভূঞাৰ নেতৃত্বত জন্ম লাভ কৰিছে উল্টা কেৱ(OOLLTA CAB) সেৱা।জনসাধাৰণৰ যাত্ৰাৰ সুবিধাৰ লগতে একাংশ নিবনুৱাৰ সংস্থাপনৰ বাট মুকলিৰ লক্ষ্যৰে আৰম্ভ কৰা এই সেৱা বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিক ভাৱে মুকলি কৰে।উল্লেখ্য যে অ’লা-উবেৰৰ দৰে গ্ৰাহকে অসমৰ বিভিন্ন ঠাইলৈ এপটোত গাড়ী বুকিং কৰি যাত্ৰা কৰিব পাৰে।অৱশ্যে এই সেৱা কেৱল অ’লা-উবেৰৰ দৰে গুৱাহাটীতে উপলব্ধ নহব সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাত লাভ কৰিব পাৰিব সেৱা।বাইক, অটোৰ পৰা আৰম্ভ কৰি বিভিন্ন বিলাসী বাহন উপলব্ধ হ’ব এই সেৱাত।

Your Comments