Russia-Ukraine Conflict: ছহেজাৰ ৰুছ সেনাক ছদিনত নিঃশেষ কৰা হৈছে, দাবী ইউক্রেইন প্রেছিডেন্ট জেলেনস্কিৰ

A

 


গংগোত্ৰী কাশ্যপ :

ছদিনত প্রায় ছহেজাৰ ৰুছ সেনাক নিঃশেষ কৰা হৈছে। বুধবাৰে  এই কথা ব্যক্ত কৰে  ইউক্রেইনৰ প্রেছিডেন্ট ভল’দিমিৰ জেলেনস্কিয়ে । যদিও ইউক্রেইনৰ এই দাবীক  নস্যাৎ কৰে ৰাছিয়াই ।

প্রায় ৬৪ কি.মি. দীঘল কনভয় লৈ  কিয়েভৰ দিশে  আগুৱাই  আহিছে ৰুছ বাহিনীয়ে । অন্য দিশত ইউক্রেনীয় সেনাক নিঃশেষ কৰিবলৈ  খাৰকিভ আৰু কিয়েভত বোমাবর্ষণ কৰিছে  ৰুছ বায়ুসেনাই। প্ৰত্যুত্তৰ দিছে  জেলেনস্কিৰ বাহিনীয়েও।
যোৱা  ২৪ ঘণ্টাত খাৰকিভত ৰুছ বায়ুসেনাৰ বোমাবর্ষণত ২১ জন ইউক্রেনীয় সৈন্য নিহত হৈছে ৷ আহত হৈছে এশৰো বেছি মানুহ।  ৰাছিয়াই  দাবী কৰে যে  তেওঁলোকে খাৰচন চহৰ দখল কৰিছে। খাৰচনৰ  গৱর্নৰে  জানিবলৈ  দিছে যে , সমগ্ৰ চহৰখন আগুৰি ধৰিছে ৰুছ সেনাই।

Your Comments