
নিউজ ডেস্ক:
এতিয়াৰে পৰা ঘৰ-ফ্লেট কিনা-বেচাৰ বাবে উপায়ুক্তৰ পৰা লোৱাৰ প্ৰয়োজন নাই NOC ৷এক টুইটযোগে ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মু্খ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, “বাণিজ্যিক ফ্লেট ক্ৰয়-বিক্ৰয়ৰ বাবেও এতিয়াৰে পৰা উপায়ুক্তৰ পৰা NOC লোৱাৰ প্ৰয়োজন নাই।”মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটত লিখিছে- “প্ৰশাসনিক সংস্কাৰক অধিক উৎসাহিত কৰি, অসম চৰকাৰে ঘৰ, ফ্লেট, আৱাসিক এপাৰ্টমেণ্ট, বাণিজ্যিক ভৱন আদি স্থানান্তৰ/লীজৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে পঞ্জীয়ন আইনৰ ধাৰা ২১এ সংশোধন কৰিছে। যাৰ বাবে এতিয়াৰ পৰা উপায়ুক্তৰ পৰা কোনো এনঅ’চি লোৱাৰ প্ৰয়োজন নহ’ব।”
- Log in to post comments
- 16 views