নিউজ ডেস্ক:
ক্ৰমাৎ জটিল হৈ পৰিছে ইউক্ৰেইনৰ পৰিৱেশ।ভাৰতীয় দুতাৱাসে তাৎক্ষণিক ভাৱে খাৰকিভ ত্যাগ কৰা জাননী জাৰি কৰিছে ।আজিৰ ভিতৰতেই ভাৰতীয়ক খাৰকিভ ত্যাগৰ নির্দেশ।নিজৰ সুৰক্ষাৰ বাবে নিশা ৯.৩০বজাৰ ভিতৰত খাৰকিভ ত্যাগৰ জৰুৰী নিৰ্দেশনা ।উল্লেখ্য যে ৰাছিয়াৰ আক্ৰমণত ক্ৰমাৎ জটিল হৈছে খাৰকিভৰ পৰিস্থিতি।
উল্লেখ্য যে ইউক্ৰেইনত থকা ভাৰতীয় দূতাৱাসে জাৰি কৰা জাননী মৰ্মে পেছোচিন, বাবায়ী আৰু ভেজলোডোবকালৈ স্থানান্তৰ হ’বলৈ কোৱা হৈছে ভাৰতীয় নাগৰিকসকলক।ৰাছিয়াই ভয়াৱহ যুদ্ধ আৰম্ভ কৰিছে খাৰকিভত।ইতিমধ্যে দূতাৱাসৰ পৰা বহু ভাৰতীয়ৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ খবৰ আহিছে।ভাৰতে উদ্ধাৰ কৰিবলৈ নোৱাৰা পৰিৱেশ হৈছে।নিজেই নিজৰ প্ৰাণ বচাওঁক।
গুৰুত্বপূৰ্ণ কথা এই যে খাৰাকিভৰ আৰক্ষীৰ মুখ্য কাৰ্যালয় ৰাছিয়াৰ সেনাৰ আক্ৰমনত বিধ্বস্ত হৈছে।
- Log in to post comments
- 16 views