নিউজ ডেস্ক:
ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত নিহত প্ৰথমজন ভাৰতীয় ।ইউক্ৰেইনত এমবিবিএছ পাঠ্যক্ৰম অধ্যয়নৰত ছাত্ৰ নিহত।নিহত ছাত্ৰ গৰাকী কৰ্ণাটকৰ নবীন শেষৰাপ্পা।উল্লেখ্য যে ইউক্ৰেইনৰ দ্বিতীয় বৃহৎ চহৰ খাকিভত আছিল দুৰ্ভগীয়া ছাত্ৰ গৰাকী।খাকিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত ছাত্ৰ গৰাকীৰ বয়স ২০বছৰ।ৰাছিয়াৰ সেনা গুলিত নিহত হোৱাৰ কথা নিশ্চিত কৰিছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে।উল্লেখ্য যে, বহু ভাৰতীয় যুদ্ধৰ মাজত আৱদ্ধ হৈ থকাৰ কথা ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে।একাংশ ভাৰতীয় ইতিমধ্যে স্ব ভূমিত আহি উপস্থিত হৈছে যদিও বহুসংখ্যক তাতে আবদ্ধ হৈ আছে।ভাৰত চৰকাৰে ভাৰতীয়সকলক উদ্ধাৰৰ বাবে অপাৰেচন গংগা অভিযান আৰম্ভ কৰিছে।
- Log in to post comments
- 16 views