
নিউজ ডেস্ক:
গুৱাহাটী ছাত্ৰীবাৰীৰ অৱদেশ যাদৱক গুলি কৰি হত্যা কৰা ঘটনাৰে জড়িত দুৰ্বৃত্তক কৰায়ত্ত কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ মহানগৰ আৰক্ষী।ঘটনাৰ ৯দিন উকলি যোৱাৰ পিছতো অভিযুক্তক জালতেই পেলাব নোৱাৰিলে স্মাৰ্ট অসম আৰক্ষীয়ে।উল্লেখ্য যে পৰিয়ালৰ অভিযোগ তথা ফৰেন্সিকৰ ক্লুৰ ভিত্তিত দুৰ্বৃত্তক বিচাৰি গুৱাহাটী আৰক্ষীৰ এটা দলে বিহাৰৰ ৩খনকৈ জিলাত অভিযান চলাইছিল ।পল্টনবজাৰ থানাৰ এচিপি পৃথ্বীৰাজ ৰাজখোৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে সমষ্টিপুৰ, খাগৰীয়া আৰু বেলুচৰা জিলাত অভিযান চলাইছিল।বিহাৰ আৰক্ষীৰ স্পেচিয়েল ট্ৰাষ্ট ফৰ্চ আৰু স্থানীয় আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে অভিযুক্ত ডব্লিউ যাদৱক বিচাৰি অভিযান চলাইছিল।কিন্তু অভিযানত কোনো শুং-সূত্ৰই নাপালে আৰক্ষীয়ে।পল্টনবজাৰ আৰক্ষীয়ে অৱগত কৰা মতে- অভিযুক্তই নেপালত আত্মগোপন কৰি আছে।
ইফালে গুলিচালনা ঘটনাৰ আৰক্ষীৰ শেহতীয়া তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি মৃত অৱদেশ যাদৱ আৰু ডব্লিউ যাদৱ একে গাঁৱৰে।তেওঁলোকৰ পৰিয়াল দুটাৰ মাজত দীৰ্ঘদিনৰ পৰা বিবাদ চলি আছে।ৰাজনৈতিক আৰু মাটি সম্পৰ্কীয় বিবাদৰ।অৱদেশৰ দুগৰাকীকৈ ভাতৃক পূৰ্বেই হত্যা কৰিছে।ইয়াৰ উপৰিও ডব্লিউৰ ওপৰত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলোৱা হৈছিল।শেহতীয়াকৈ চলিত বৰ্ষ যোৱা ১১জানুৱাৰীত ডব্লিউক হত্যাৰ চেষ্টা কৰিছিল।কিন্তু ডব্লিউৰ ভৰিৰে গুলি পাৰ হৈ যায়।সেই সংক্ৰান্তত বিহাৰত মৃত অৱদেশৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছিল।২১গৰাকীকৈ বিধৱা আছে পৰিয়াল দুটাত।যিসকলৰ স্বামীক কেৱল মাটি-বাৰী সংক্রান্ততে হত্যা হৈছে।আৰক্ষীৰ ভাষ্য অনুসৰি বহু কেইটা হত্যা আৰু ধৰ্ষণৰ ঘটনা থানাতো কোনো ৰিপৰ্ট হোৱা নাই।পূৰ্বৰে পৰা চলি অহা বিবাদৰ বাবেই হত্যা সংঘটিত হৈছে।আনহাতে আৰক্ষীৰ হাতত থকা তথ্যৰ মৰ্মে হত্যাকাণ্ডৰ বাবে ডব্লিউ যাদৱ গুৱাহাটীলৈ আহিছিল।লগত আহিছিল দুজন ঘনিষ্ঠ।যিদুজন ঘনিষ্ঠ আহিছিল তেওঁলোকৰ হাতত অস্ত্ৰ থাকে।গুলীচালনা কৰা নাছিল হয়তো ডব্লিউৱে।নিৰাপত্তাৰক্ষীৰ দৰে বাবলু কুমাৰ যাদৱ আছিল আৰু বি বি সিং।কিন্তু শেহতীয়াভাৱে তিনিজনে একেলগে আত্মগোপন কৰি আছে।শীঘ্ৰে অভিযুক্ত গ্ৰেপ্তাৰ হ’ব বুলি আৰক্ষীয়ে কয়।
উল্লেখ্য যে যোৱা ২১ফেব্ৰুৱাৰীত নিশা প্ৰায় ৮.৩০বজাত এপাৰ্টমেণ্টৰ সন্মুখত বন্দুকধাৰী দুৰ্বৃত্তই শূণ্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল অৱদেশক।
- Log in to post comments
- 15 views