মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষত গ্ৰেপ্তাৰ ৪ গাওঁবুঢ়া

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষত গ্ৰেপ্তাৰ চাৰি গাওঁবুঢ়া (গাঁওপ্ৰধান)।সোমবাৰে গ্ৰেপ্তাৰ হয় মানকাচৰৰ গাওঁবুঢ়া কেইগৰাকী৷উল্লেখ্য যে ধনৰ বিনিময়ত গাওঁবুঢ়াৰ পদ ক্ৰয়ৰ অভিযোগ চাৰিওজনৰ বিৰুদ্ধে।দুদিন ধৰি মুঠ ১১ জনকৈ গাওঁবুঢ়াক জেৰা কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে।দুৰ্নীতিগ্ৰস্ত বিষয়া আতিকা চুলতানা আৰু চাইবুৰ ৰহমানৰ দিনত ধনৰ বিনিময়ত নিযুক্তি লাভৰ অভিযোগ আটাইকেইজনৰ বিৰুদ্ধে।অভিযোগ মতে ৫-১১লাখ টকাৰ বিনিময়ত বিক্ৰী হয় গাওঁবুঢ়া পদ।
সোমবাৰে গ্ৰেপ্তাৰ হোৱা গাওঁবুঢ়া কেইজন হৈছে ক্ৰমে- দক্ষিণশালমৰাৰ আব্দুল ছহিদ, ছহিদুল ইছলাম, চাৰহাব আলি, মহম্মদ মুফটিউল্লাহ আজাদ।

Your Comments