
নিউজ ডেস্ক:
অপাৰেচন চাৰখাৰৰ পাছত এইবাৰ পৰিবহন বিভাগৰ অপাৰেচন অল ক্লিয়াৰ।আজিৰে পৰা আৰম্ভ হৈছে পৰিবহন বিভাগৰ অপাৰেচন অল ক্লিয়াৰ।যিসমূহ যান-বাহন উপযুক্ত নথি পত্ৰ আৰু ৰোড টেক্স ফাঁকিৰে চলাচল কৰি আছে তেনে বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে আৰম্ভ কৰিছে অপাৰেচন অল ক্লিয়াৰ।উল্লেখ্য যে ২৮ফেব্ৰুৱাৰী শেষ সময়সীমা বান্ধি দিছিল বিভাগে।যিসমূহ বাহনে এই সময়সীমাৰ ভিতৰত কৰ পৰিশোধ কৰা নাই তেনে বাহনৰ বিৰুদ্ধে ৰাজপথত আজিৰ পৰা বিভাগে আৰম্ভ কৰিছে অপাৰেচন অল ক্লিয়াৰ।মাৰ্চৰ ৩১তাৰিখ পৰ্যন্ত চলিব এই অভিযান।
- Log in to post comments
- 41 views