
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত ৰেল বিভাগৰ মাটি বহিৰাগত ব্যৱসায়িক লীজত দিয়া ঘটনাৰ বিৰুদ্ধে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ।ৰেলবিভাগে প্ৰায় ৫৮বিঘা ভূমি বহিৰাগত বণিয়াক ৯৯ বছৰৰ বাবে লীজত দিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী আছুৱে বিক্ষোভ সাব্যস্ত কৰে।কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াৰ ভূমি বণিয়াক এৰি দিছে ৰেলবিভাগে।এই সমগ্ৰ ঘটনাত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অৱগত যদিও একমাত্ৰ দিল্লীৰ প্ৰেমত পৰি ক্ষমতাৰ স্বাৰ্থত মৌনতা অৱলম্বন কৰিছে-কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয় গুৱাহাটীৰ আছুৰ সভাপতি আনোৱাৰ হুছেইনে।ৰেলবিভাগৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰি অসম চৰকাৰে নিজৰ অধীনলৈ অনাৰ ব্যৱস্থা কৰাৰো তেওঁ দাবী জনায়।
গুৱাহাটীৰ মাজ-মজিয়াৰ ভূমি ৰেল বিভাগে বহিৰাগতক গতাই দিয়াৰ সিদ্ধান্তৰ বিষয়ে অৱগত হৈয়ো অসম চৰকাৰে মৌনতা অৱলম্বন কৰাত ক্ষোভ প্ৰকাশ কৰি বিক্ষোভ কাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰেল বিভাগ হুছিয়াৰ, অসমৰ মাটি বহিৰাগতক দিয়া বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।প্ৰায় শতাধিক আছুকর্মীয়ে অংশ লয় বিক্ষোভত।
ইফালে প্ৰতিবাদত অংশ লৈ আছু কর্মীৰ হুংকাৰ ৰেল বিভাগৰ এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব।গুৱাহাটীৰ মাজ-মজিয়াৰ ভূমি বহিৰাগত বণিয়াক দিব লগাকৈ ৰেল বিভাগত অভাৱ ঘটিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।সমগ্ৰ বিষয়টোত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰাৰ দাবী আছুকর্মীসকলৰ।
- Log in to post comments
- 11 views