সাংবাদিক মনোজ দুৱৰাৰ 'ভাং খাই মহাদেৱ' শীর্ষক গীত মুকলি

A

নিউজ ডেস্ক:
মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত ৰাজ্যৰ সংগীত জগতলৈ আন এক সুখবৰ।সাংবাদিক মনোজ দুৱৰাৰ 'ভাং খাই মহাদেৱ’ শীর্ষক গীতটিৰ শুভ উন্মোচন।সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱ প্ৰাংগণত শুভমুক্তি দিয়া হয়  গীতটোৰ দৃশ্য শ্ৰৱ্য।উল্লেখ্য যে ,  গুৱাহাটীৰ সাংবাদিক মনোজ দুৱৰাই কন্ঠদান কৰা "ভাং খাই মহাদেৱে" শীৰ্ষক গীতটো ৰচনা কৰিছে পৰমেশ নাথে আৰু গীতটোৰ সুন্দৰকৈ সংগীতৰ ব্যৱস্থাপনা কৰিছে জনপ্ৰিয় শিল্পী পাপু লেফ্টিবেছে।নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ সুন্দৰ মনোমোহা পৰিৱেশত দৃশ্যগ্ৰহণ কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ গীতটোৰ শুভ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক ঋতুষ্মীন শৰ্মা  প্ৰমুখ্যে গুৱাহাটীত কৰ্মৰত বহু সংখ্যক সাংবাদিক আৰু শুভাকাংক্ষী।

Your Comments