শিল্পী প্ৰাণ চন্দ্ৰ ফুকনৰ সহধৰ্মিনী প্ৰেমদা ফুকনৰ দেহাৱসান

A

নিউজ ডেস্ক:

পঞ্চাশৰ দশকতে নামনিত টাৰ্বাইন ঘূৰাই বিজুলী উৎপাদন কৰি অসম তথা উত্তৰ-পূৱ ভাৰতৰে নহয়, হয়তো সমগ্ৰ দেশৰ ভিতৰতে 'ষ্ট্ৰীট লাইট'ৰ পোহৰৰে পোহৰাই তুলিছিল কুঠৰী অঞ্চলত চন্দ্ৰ ফুকনে ৷ অসমীয়া সাংস্কৃতিক আৰু সাহিত‍্য জগতখনৰ চিনাকী নাম এইগৰাকী চিৰনমস‍্য মহীৰূহৰ শিল্পীৰ উপৰিও মঞ্চ-বোলছবিৰ সুদৰ্শন অভিনেতা হিচাপে আছিল আন এক সুকীয়া পৰিচয়। এই গৰাকী প্ৰয়াত চন্দ্ৰ ফুকনৰ সহধৰ্মিনী প্ৰেমদা ফুকনৰ আজি বিয়লি প্ৰায় তিনি বজাত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে কলিয়াবৰৰ গৃহ গাওঁ কুঠৰীত গভীৰ শোকৰ ছাঁ পৰে। জানিব পৰা মতে প্ৰথম ক'ভিড কালীন সময়ত অসুস্থ হৈ পৰাত তেতিয়াৰ পৰাই তেওঁ চিকিৎসাধীন হৈ আছিল। ১৯৪৪ চনত মেট্ৰিক পাছ কৰাৰ পাছত ১৯৪৮ চনৰ ২৬ ফেব্ৰুৱাৰীত চন্দ্ৰ ফুকনৰ লগত প্ৰেমদা ফুকন বিবাহ পাশত আবদ্ধ হয়। প্ৰয়াত চন্দ্ৰ ফুকনক সকলো কামতে আন্তৰিকতাৰে সহযোগ আগবঢ়োৱা প্ৰেমদা ফুকনে বি কে নেহৰু, ফকৰুদ্দীন আলি আহমেদ, হেম বৰুৱা, পাৰ্ৱতি প্ৰসাদ বৰুৱা, দেৱ কান্ত বৰুৱা, বিমলা প্ৰসাদ চলিহা, ড০ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, চৈয়দ আব্দুল মালিক, মহেন্দ্ৰ মোহন চৌধুৰী, বিমল মিত্ৰ, বিশ্বদেৱ গোস্বামীকে ধৰি বহু 
বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে চন্দ্ৰ ফুকনৰ বাসগৃহটি ৰাজ্য চৰকাৰে সংগ্ৰাহালয় হিচাপে নিৰ্মাণৰ প্ৰস্ততি চলাইছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ নহল। বিগত বছৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অৰ্দ্ধ নিৰ্মিত প্ৰকল্পটো পৰিদৰ্শন কৰি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰেমদা ফুকনেও মৃত্যুৰ আগলৈকে গাৱঁৰ লোক সকলক প্ৰায়ে কৈছিল মোৰ মৃত্যুৰ আগতে প্ৰকল্পটো সম্পূৰ্ণ হ'বনে ? কিন্তু ফুকনৰ সেই আশা পূৰণ নহল।  এওঁৰ মৃত্যুত স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, তদানীন্তন মহকুমাধিপতি প্ৰদীপ কুমাৰ ৰাজখোৱা, বিতোপন নেওগ, কলিয়াবৰ প্ৰেছ ক্লাব, কুঠৰীবাসীৰ লগতে কলিয়াবৰৰ বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। 

 

Your Comments