হাতী আৰু জীপ চাফাৰীৰে পুৱাই ৰাষ্ট্ৰপতিয়ে উপভোগ কৰিলে কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ

A

 

B

নিউজ ডেস্ক:

বিশ্ব ঐতিহ্য কাজিৰঙাৰ কঁহৰা বনাঞ্চলত পৰিয়ালৰ সৈতে পুৱাই নৈসৰ্গিক পৰিৱেশ উপভোগ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।কঁহৰাৰ মিহিমুখত উপস্থিত হৈ ৰাষ্ট্ৰপতি গৰাকীয়ে হাতী চাফাৰী, জীপ চাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে।
উল্লেখ্য যে ৰাষ্ট্ৰপতি গৰাকীক কাজিৰঙা ভ্ৰমণত সংগ দিয়ে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই।তিনিদিনীয়া ভ্ৰমণ সূচীৰে ২৫ফেব্ৰুৱাৰীত অসমলৈ আহিছিল ৰাষ্ট্ৰপতি গৰাকী।ইফালে কাজিৰঙাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুল উপভোগ কৰি আনন্দিত হৈ পৰে কোবিন্দ।হাতী চাফাৰীত কন্যাৰ সৈতে একেলগে দেখা গ’ল ৰাষ্ট্ৰপতি গৰাকীক।

Your Comments