
নিউজ ডেস্ক:
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নিৰাপত্তাত নিয়োজিত বায়ু সেনাৰ হেলিকপ্তাৰ বোকাখাতত টানিব লগা হ’ল ট্ৰেক্টৰে।তেজপুৰৰ পৰা আকাশমাৰ্গেৰে বোকাখাতলৈ ৰাষ্ট্ৰপতি গৰাকীক নিৰাপত্তা দি যোৱা এখন হেলিকপ্তাৰ অৱতৰণ কৰোৱা পাছতেই ট্ৰেক্টৰ লগাই উদ্ধাৰৰ চেষ্টা কৰিলে বোকাখাত প্ৰশাসনে।উল্লেখ্য যে পূর্বতে নেদেখা ট্ৰেক্টৰে হেলিকপ্তাৰ টনা দৃশ্যই আমোদ দিলে ৰাইজক।
উল্লেখ্য যে ট্ৰেক্টৰ চালক গৰাকীয়ে কি কাৰণত টানিব লগা হ’ল সেই কথা অৱগত নহয় বুলি কয়।সম্পূৰ্নকৈ টানিবলৈ সক্ষম নহ’ল হেলিকপ্তাৰখন।হেলিকপ্তাৰখন টনাৰ পাছতেই ইন্ধন ভৰোৱা দেখা বুলি তেওঁ কয়।
তেজপুৰৰ পৰা চাৰিখনকৈ হেলিকপ্তাৰে নিৰাপত্তা দি আনিছিল ৰাষ্ট্ৰপতি গৰাকীক।হেলিকপ্টাৰখন বোকাখাত ৰাজহুৱা খেলপথাত অৱতৰণৰ পাছত হেলিকপ্টাৰৰ চকা মাটিত সোমায় যায়।যাৰ বাবে ট্ৰেক্টৰৰ সহায়ত হেলিকপ্টাৰখন টানি উদ্ধাৰৰ চেষ্টা কৰিছিল।
গুৰুত্বপূৰ্ণ কথা এই যে প্ৰশাসনে নিৰ্মাণ কৰা ৩খনকৈ অস্থায়ী হেলিপেডত ৩খন হেলিকপ্টাৰ অৱতৰণ কৰাৰ লগতে আন এখন হেলিকপ্টাৰ খেলপথাৰৰ মাজত অৱতৰন কৰিছিল।
- Log in to post comments
- 101 views