Russia -Ukraine War :উদ্ধাৰ নহয়, যুদ্ধৰ বাবে আৰু গোলা বাৰুদ দিয়ক : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

A

 


ইণ্টাৰনেচনেল ডেস্ক:

গংগোত্ৰী কাশ্যপ :

 সহজে  যে নিজৰ ভূখণ্ড ৰাছিয়াৰ  হাতত  তুলি  নিদিয়ে সেই কথা আগতেই জনাইছিল  জেলেনস্কিয়ে। সেয়ে সর্বশক্তি প্ৰয়োগ কৰি  ৰাছিয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে। ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনো  নাচোৰবান্দা। তেওঁ বাৰে বাৰে সকীয়নি প্ৰদান কৰিছিল  যে অস্ত্ৰ  সম্বৰণ  নকৰিলে সামৰিক অভিযান চলিব।

 ইউক্ৰেইনৰ ৰাজধানী কিয়ভক উদ্ধাৰ কৰাৰ  প্রস্তাৱ দিছিল আমেৰিকাই। কিন্তু সেই প্রস্তাৱ অগ্ৰাহ্য কৰে  ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভোলোদিমিৰ জেলেনস্কিয়ে। তেওঁ কয়, "আমাক উদ্ধাৰৰ প্রয়োজন নাই। যুদ্ধৰ বাবে  গোলাবাৰুদ পঠিয়াওক।’"
  শুক্রবাৰে এটি ভিডিঅ’ৰ জৰিয়তে  বার্তা প্ৰেৰণ কৰি  জেলেনস্কিয়ে কয়, “আমি কিয়ভক এৰি পলাই যোৱা নাই, ইয়াতেই আছো৷”  তেওঁ আৰু কয় যে; দেশবাসীক ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত  এৰি দি তেওঁ যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰা মানুহ নহয়। বৰং  দেশ আৰু দেশবাসীক ৰক্ষা কৰাৰ বাবে তেওঁ যুদ্ধ  চলাই যাব।

ইউক্রেইনত  ত্রিমুখী আক্রমণ চলাইছে ৰাছিয়াই। সামৰিক অভিযান চলাইছে, নৌসেনা, স্থল সেনা আৰু বায়ু সেনাই। ঠায়ে ঠায়ে সেই আক্রমণৰ  প্রতিৰোধ  কৰিছে ইউক্রেইনৰ সেনাই। আৰু  তাতেই যেন ভৰসা পাইছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। কিন্তু সেই ভৰসাৰে যে  কাম নহ’ব সেয়া তেওঁ হাড়ে-হিমজুৱে বুজি পাইছে। ৰাছিয়াৰ পাহাৰসদৃশ সেনাৰ সন্মুখত  বুকু ডাঠ কৰি যাবলৈ পৰ্যাপ্ত  গোলাবাৰুদ আৰু অস্ত্ৰ ইউক্রেইনৰ  হাতত নাই। সেয়ে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দেশবাসীক বচোৱাৰ উদ্দেশ্যে  গোলাবাৰুদৰ  সৰবৰাহৰ ওপৰত জোৰ দিছে৷

Your Comments