মানৱ ধৰ্মৰ জলন্ত উদাহৰণ শংকৰদেৱৰ সংঘ অধিৱেশনৰ, লাখ লাখ ভকত আহে কিন্তু কোনো অশান্তি নাথাকে- সোণোৱাল

A

নিউজ ডেস্ক:

নাহৰকটীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বর্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত ।ভকত-বৈষ্ণৱৰ আশীষ ললে সোণোৱালে।উল্লেখ্য যে ,অধিৱেশনৰ দ্বিতীয় দিনা মুকলি সভাত অংশগ্ৰহণ কৰি গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা মানৱ ধৰ্মৰ জলন্ত উদাহৰণ শংকৰদেৱৰ সংঘ বুলি কয়।ইয়াৰ পৰাই উঠি অহা প্ৰজন্মই নিশ্চত ভাৱে এটা বাৰ্তা লাভ কৰিবলৈ সক্ষম হ’ব-একেলগে মিলি সমাজ-দেশ নিৰ্মাণৰ।অৰ্থাৎ একেলগে কাম কৰা মানসিকতা এই মঞ্চৰ পৰাই নৱপ্ৰজন্মই উপলব্ধি কৰে।এই মঞ্চখনৰ উদাৰতা, বিশালতা, মানৱতা প্ৰতিবছৰে অধিৱেশনে প্ৰতিষ্ঠা কৰি অহা বুলি উল্লেখ কৰি সোণোৱালে কয়- জাতি বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলোৱে গুৰুজনাৰ প্ৰতি সমৰ্পিত ভাৱনাৰে ভক্তিভাৱে এনে সমাৰোহত অংশগ্ৰহণ কৰে।এই মহান স্থানৰ পৰা সকলোৱে এটি বাৰ্তা কঢ়িয়াই লৈ যায় মৰম, চেনেহ, ভক্তি ভাৱেৰে এখন সমাজত শান্তি, সমন্বয় ভাতৃত্ববোধৰ প্ৰতিষ্ঠা।লাখ লাখ ভকত আহে কিন্তু কোনো অশান্তি নাথাকে।এনে অধিৱেশনত অংশ ললে ব্যক্তিগত ভাৱে লাভৱান হওঁ।শিকিব লগা বহুত আছে।
"অনাগত দিনত গুৰুজনাৰ প্ৰতিটো কথা মুল্যাংকনে ব্যক্তিগত জীৱনত কেনেধৰণে পালন কৰি চলিব পাৰো তাৰ বাবে প্ৰয়াস কৰিব লাগিব।ভক্তিৰ জৰিয়তেই নিষ্ঠা, সততা, নিয়মানুৱৰ্তীতা, একাগ্ৰতা,শৃংখলাবদ্ধতা শক্তিৰ প্ৰাপ্তি সম্ভৱ।নামঘৰৰ জৰিয়তে গুৰুজনাই সমাজক চেতনা প্ৰদান কৰিছিল'- কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়।
উল্লেখ্য যে , ৰাঙলীপথাৰত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈ থকা ৯১ সংখ্যক অধিৱেশনখন সামৰণি পৰিব দেওবাৰে।

Your Comments