নিউজ ডেস্ক:
ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শুকুৰবাৰে অনুষ্ঠিত কৰা ভেটোত কূটনৈতিক কৌশল অৱলম্বন কৰি ভোট দানৰ পৰা বিৰত থাকিল ভাৰেত।বিশ্বৰ দুই শক্তিশালী দেশ ৰাছিয়া-আমেৰিকাৰে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাৰ স্বাৰ্থতে নিৰাপত্তা পৰিষদৰ ভেটোত ভোটদান নকৰিলে ভাৰতে।উল্লেখ্য যে ইউক্ৰেইন আক্ৰমণত আমেৰিকাই বিৰোধ কৰিছে ৰাছিয়াক।
ইফালে ভোটদানৰ পৰা বিৰত থাকি ভাৰতে কয় যে ,সকলো সদস্য দেশৰ মাজত মতভেদ আৰু বিবাদ নিষ্পত্তি কৰাৰ বাবে কূটনৈতিক পন্থা অৱলম্বন কৰিব লাগে।বিবাদ নিষ্পত্তি কৰাৰ বাবে এয়াই একমাত্ৰ পথ। অৱশ্যে এই সময়ত এয়া কঠিন লাগিব পাৰে।এইটো দুখৰ বিষয় যে কূটনীতিৰ পথ ত্যাগ কৰা হৈছে।সেই সমাধানৰ পথটোলৈ ঘূৰি অহাটো দৰকাৰ।ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমুৰ্তিয়ে কয়-এই সকলো বোৰ কাৰণৰ বাবে ভাৰতে প্ৰস্তাৱৰ পৰা বিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
উল্লেখ্য যে ,ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ সপক্ষে অৰ্থাৎ ৰাছিয়াৰ বিৰুদ্ধে ১১খন দেশে ভোট দান কৰে।কিন্তু চীন, ভাৰত আৰু ইউএই বিৰত থাকে ভোটদানৰ পৰা।
- Log in to post comments
- 22 views