Museum of the Future: ডুবাইৰ নতুন যাদুঘৰে দিছে নানা চমক

A

 

B
গংগোত্ৰী কাশ্যপ :

পাৰস্য উপসাগৰৰ তীৰত অৱস্থিত ডুবাই পশ্চিম এছিয়াৰ অন্যতম গুৰুত্বপূর্ণ চহৰ। বুর্জ খলিফাসহ অসংখ্য সুউচ্চ অট্টালিকা এই চহৰৰ অন্যতম বৈশিষ্ট্য। এইবাৰ সেই তালিকাত  যুক্ত হ’ল ‘মিউজিয়াম অব দ্য ফিউচাৰ’ নামৰ উপবৃত্তাকাৰ এটি  যাদুঘৰ, যাক  বিশ্বৰ সুন্দৰতম স্থাপত্য বুলি অভিহিত কৰা হৈছে৷
পৃথিবীৰ উচ্চতম অট্টালিকা বুর্জ খলিফাৰ পৰা কিছু দূৰত অৱস্থিত এই নৱনির্মিত এই সাততলাৰ উপবৃত্তাকাৰ যাদুঘৰটি ৩০,০০০ বর্গমিটাৰজুৰি  বিস্তৃত  আৰু ৭৭ মিটাৰ ওখ।
ডুবাই প্রশাসনৰ  প্রেছ বিজ্ঞপ্তি অনুসৰি, এইটো এনে  এটি যাদুঘৰ যি মানৱ সভ্যতাৰ ভবিষ্যতৰ বাবে অনুপ্রেৰণামূলক দৃষ্টিভংগীৰ  এটি স্থায়ী প্রদর্শনী। ই ভবিষ্যতে অনুপ্রেৰণা, উদ্ভাৱন আৰু মানৱ উন্নয়নৰ বাধা-বিপত্তিসমূহৰ সমাধানৰ অৰ্থে বিশ্বৰ অন্যতম প্রধান কেন্দ্রৰূপে  ৰূপান্তৰিত হ’ব।
 উদ্বোধনী অনুষ্ঠানত মন্ত্রী আৰু  ডুবাই ফিউচাৰ ফাউণ্ডেচনৰ চেয়াৰমেন মহম্মদ আল জেৰজউই জানিবলৈ দিয়ে যে ‘মিউজিয়াম অফ দ্য ফিউচাৰ’ কার্যত এটি ‘জীৱন্ত যাদুঘৰ’, কাৰণ ই ক্রমাগত অভিযোজিত আৰু ৰূপান্তৰিত হয়।
বৃহৎ উপবৃত্তাকাৰ এই যাদুঘৰটি  ডুবাইৰ স্থাপত্য আৰু সংস্কৃতিৰ মূর্ত প্রতীক হিচাবে কল্পনা কৰা হৈছে৷
ৰবটৰ  মাধ্যমেৰে বিশেষভাবে তৈয়াৰ  কৰা  ১০২৪টি অংশৰে এই ভবনটি গঠিত। ইয়াৰ  প্ৰতি অংশতে আছে  এটি এটি স্বতন্ত্র শিল্পকলাৰ নমুনা। উপকৰণ  হিচাবে ব্যবহাৰ কৰা  হৈছে মূলত ষ্টেইনলেছ ষ্টীল। 
ইয়াৰ সম্মুখভাগটো তৈয়াৰ  কৰোতেই সময় লাগিছে ১৮ মাহৰো  অধিক। 
  প্রধানমন্ত্রী তথা ডুবাইৰ  শাসক শেখ মহম্মদ বিন ৰছিদ আল মাখতুমৰ  তিনিটি উদ্ধৃতি এই ভবনৰ বেৰত নক্সাৰ মাধ্যমেৰে তুলি ধৰা  হৈছে।
সম্মুখভাগত লিখা হৈছে যে, ‘আমি  শত শত বছৰ জীয়াই নাথাকো, তথাপিও আমাৰ সৃজনশীলতাৰ সৃষ্টিৰাজি সমূহ আমি গুচি যোৱাৰ পিছতো থাকি যাব’।

C

যাদুঘৰটিত ৪০০০ মেগাৱাট বিদ্যুৎ উৎপাদনকৰিবলৈ সক্ষম হোৱা এখন নিজস্ব সৌৰ পাৰ্কো আছে৷
ভবনটিৰ অন্যতম আকর্ষণ ‘ভল্ট অফ লাইফ’। এই অংশত  কলম্বিয়াৰ আমাজন অৱবাহিকাৰ নিৰক্ষীয় বনভূমিৰ প্রতিৰূপ তৈয়াৰ কৰা  হৈছে।
‘আল ওৱাহা’ নামৰ এটি প্রদর্শনীত দর্শকসকলৰ বাবে আছে  আত্মান্বেষণ কৰাৰ সুযোগ যিয়ে  তেওঁলোকৰ  অনুভূতিক উদ্দীপিত কৰিব। তদুপৰি যাদুঘৰটিত আছে ‘ফিউচাৰ হিৰোজ’ নামৰ এটি বিভাগ, যিয়ে তৰুণ প্রজন্মৰ  মনক নিজৰ  চাৰিওপাশৰ  বিশ্বক নতুন কৰি  আবিষ্কাৰ  কৰাত উৎসাহিত কৰিব।

D

সকলোতকৈ ওপৰত  আছে মহাকাশৰ থিমযুক্ত ‘অ' এছ এছ হ'প এক্সপেৰিয়েন্টল ডিছপ্লে’। ইয়াত  ২০৭১ চনত এটি বিশাল মহাকাশ ষ্টেচনৰ ভিতৰৰ জীৱন কেনে হ’ব পাৰে তাক চিত্রিত কৰা হৈছে। 
নির্মাণকাৰীসকলে মত প্ৰকাশ কৰি কয় যে  নতুন যাদুঘৰটি ‘ভৱিষ্যতবাদী চিন্তাবিদ, উদ্ভাৱক আৰু  জনসাধাৰণক একত্রিত কৰাৰ  এটি প্রতিশ্রুতি’ স্বৰূপ। যি ভবিষ্যতে পৃথিবীৰ চেহেৰা  কেনে হ’ব  পাৰে, তাৰ পথ দেখায়।

E

Your Comments