হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন ১৪মাৰ্চত; ১৬মাৰ্চত দাখিল হ'ব অজন্তাৰ বাজেট

A

নিউজ ডেস্ক:

অসম বিধানসভা বাজেট অধিৱেশনৰ দিন ঘোষণা।১৪ মাৰ্চৰ পৰা আৰম্ভ হ'ব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন।বিত্তীয় মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব চৰকাৰৰ প্ৰথমখন পুৰ্ণাংগ বাজেট।উল্লেখ্য যে ৰাজ্যপাল জগদীশ মুখীৰ ভাষনেৰে আৰম্ভ হ’ব অধিৱেশন।পহিলা এপ্ৰিললৈ অনুষ্ঠিত হ’ব লগা বাজেট অধিৱেশনৰ মুঠ কৰ্মদিন হ’ব ১০দিন।ইতিমধ্যে সুন্দৰ জনমুখী বাজেট দাখিল কৰা বাবে প্ৰতিটো বিভাগৰ সৈতে আলোচনা অব্যাহত ৰাখিছে মন্ত্ৰী নেওগে।ইফালে এইবাৰ বাজেট অধিৱেশনৰ ৩১মাৰ্চৰ দিনা বহুকেইখন বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে।

Your Comments