নিউজ ডেস্ক:
বিশ্ববিখ্যাত নিউয়ৰ্ক ফেশ্বন সপ্তাহত স্থান লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰিলে অসমৰ পাট-মুগাই।প্ৰজন্মৰ সৈতে খাপ খোৱাকৈ মেখেলা-চাদৰক ন ন ৰূপত ডিজাইন কৰি তোলা ডিজাইনাৰ সংযুক্তা দত্তই ১২ ফেব্ৰুৱাৰী ২০২২ত নিউয়ৰ্ক ফেশ্বন সপ্তাহ ২০২২-ত তেওঁৰ নতুন সংগ্ৰহ “আলফুল” প্ৰদৰ্শন কৰে।অনুষ্ঠানটোত ভাৰতৰ কনচাল জেনেৰেল ৰণধীৰ জয়ছোৱাল, ডেপুটি কনচাল জেনেৰেল ড০ বৰুণ জেফ, পৰ্যটন কাৰ্যালয়ৰ সঞ্চালক চেন্থুৰ কুমাৰনৰ লগতে ভাৰত চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু নিউয়ৰ্কত থকা কেইবাগৰাকীও প্ৰবাসী ভাৰতীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে।গুৰুত্বপূৰ্ণ কথা এই যে ,সমসাময়িক যুগৰ সৈতে খাপ খোৱাকৈ নতুন বৈশিষ্ট্য ৰক্ষা কৰি সংযুক্তা দত্তই ডিজাইন কৰা ৰেচমৰ পোছাকত আছে মেখেলা চাদৰ, সংগঠিত শাৰী, ফ্লোই-গাউন, ড্ৰেপ-স্কাৰ্ট, আৰু ইণ্ডো-ৱেষ্টাৰ্ণ লেহেঙ্গা।
ডিজাইনাৰ সংযুক্তা দত্তই কয়, “বিশ্বৰ ভিতৰতে অন্যতম নিউয়ৰ্ক ফেশ্বন সপ্তাহত অসম হস্ততাঁতক স্বীকৃতি দিয়াৰ এই অভূতপূৰ্ব সুযোগ লাভ কৰাটো এক সপোন বাস্তৱ হোৱাৰ দৰে আৰু মোৰ আৰু শিল্পীসকলৰ বাবে এয়া এক সৌভাগ্যৰ বিষয়।মই নিশ্চিত যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো ফেশ্বন শ্ব’য়ে শীঘ্ৰেই মোৰ দ্বাৰা ডিজাইন কৰা নিখুঁত অসমী কাউচাৰক মৰ্যাদা প্ৰদান কৰিব। ফেশ্বনক আত্ম-আৱিষ্কাৰৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে মোৰ সকলো অন্তহীন প্ৰচেষ্টা অব্যাহত ৰাখিম।”
- Log in to post comments
- 4 views