কয়লা মাফিয়াৰে মুখ্যমন্ত্ৰীৰ ভোজ;অসম জাতীয় পৰিষদৰ সংবাদমেল, পঢ়ক

A

নিউজ ডেস্ক:


চুপাৰিৰ সমান্তৰালকৈ "ক'লা হীৰা" কয়লাৰ "organized syndicate" দিছপুৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত আৰম্ভ হৈছে।ইমানদিনে বিক্ষিপ্তভাৱে চলি থকা অবৈধ কয়লা ব্যৱসায়ক বৈধতাৰ চোলা পিন্ধাই কৰ্ণাটকৰ খনি কেলেংকাৰীৰ আৰ্হিত কেন্দ্রীভূত ব্যৱস্থাৰে দিছপুৰৰ নিয়ন্ত্ৰণলৈ অনা হৈছে- এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ।শণিবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ  কয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গঠন হোৱা বিজেপি চৰকাৰে অবৈধ ব্যৱসায়, চিণ্ডিকেটৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল।সকলোৱে  আশা কৰিছিল কয়লা, চুপাৰি, গৰু তথা অন্য সামগ্ৰীৰ অবৈধ ব্যৱসায় তথা চিণ্ডিকেট বন্ধ হ'ব।কিন্তু সম্প্রতি তাৰ এখন বিপৰীত ছবি প্ৰকট হৈছে।অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আদি চুবুৰীয়া ৰাজ্যৰ পৰা অসমৰ মাজেৰে সৰবৰাহ হোৱা কয়লাৰ ট্ৰাকসমূহৰ ক্ষেত্ৰতো অসম চৰকাৰে একো কৰিবলগীয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল।কিন্তু মূল কথাটো ইমান সৰল নহয়।চুবুৰীয়া ৰাজ্যৰ পৰা অহা কয়লাৰ ক্ষেত্ৰত আমাৰ কৰিব লগা নাই ঠিকেই, কিন্তু আটাইকেইখন ৰাজ্যৰ সীমান্তত অসম চৰকাৰৰ পৰীক্ষা চলি থকাটো জৰুৰী আছিল।যাতে ট্রাকত অহা সামগ্রীসমূহ বৈধ হয় নে নহয় আৰু ট্ৰাকসমূহে মটৰ পৰিবহণ আইন (MV Act) মানি চলাচল কৰিছে নে নাই তাক নিশ্চিত কৰা বাবেই পৰীক্ষা কৰিব লাগে।বহনক্ষমতাতকৈ যদি গাড়ী সমূহে অধিক সামগ্ৰী অসমৰ মাজেৰে কঢ়িয়াই নিয়ে  ৰাজ্যৰ বাট-পথসমূহ বিদ্ধস্ত হ’ব- ভূঞাই লগতে কয়।
শেহতীয়াভাৱে দিল্লী অসম ভ্ৰমণত বৰাক উপত্যকাৰ এগৰাকী কুখ্যাত (পলাতক) 'চুপাৰি মাফিয়া’ আবু মজুমদাৰৰ সৈতে  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা , কৃষি মন্ত্ৰী অতুল বৰা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই নৈশভোজত অংশলোৱা এখন ফটো ‘ভাইৰেল’ হোৱা প্ৰসংগত ভূঞাই কয়-মিজোৰামৰ  মুখ্যমন্ত্ৰীয়ে চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নিশ্চিত কৰিছে চুপাৰি মাফিয়া আবু মজুমদাৰ তেওঁৰ ফালৰ পৰা আমন্ত্ৰিত নাছিল।অসমৰ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা তেওঁ উপস্থিত আছিল।কাছাৰ আৰক্ষীয়ে সন্ধান কৰি থকা এগৰাকী পলাতক অপৰাধীৰ সৈতে মুখ্যমন্ত্রীয়ে নৈশভোজত ভাগ লোৱাটো স্বাভাবিকভাবেই ৰহস্যজনক।এই কথাই  চিণ্ডিকেটৰ সৈতে দিছপুৰৰ প্ৰত্যক্ষ সম্পৰ্ক থকাৰ ইংগিত দিয়ে।সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক এই নৈশভোজৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় অসম জাতীয় পৰিষদে।এই প্ৰসংগত ভুঞাই কয়-চুপাৰি মাফিয়াৰে অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্ক উন্মোচিত হোৱাৰ পিছত প্ৰশ্ন উঠিছে ২৫ জুলাইত অসম-মিজোৰাম সীমান্তবর্তী লাইলাপুলত অসম আৰু মিজোৰাম আৰক্ষীৰ মাজৰ সংঘৰ্ষৰ কাৰণ কি? সীমা সমস্যা নে চিণ্ডিকেটৰাজ।চুপাৰি মাফিয়াৰ বিৰুদ্ধে অভিযান চলি থাকিলেও ভিতৰি ভিতৰি দিছপুৰৰ নিয়ন্ত্রনাধীন চক্ৰৰ জৰিয়তে চুপাৰি চিণ্ডিকেট অব্যাহত থকা বুলিও বিস্ফোৰক অভিযোগ ভূঞাই উত্থাপন কৰে।
আনহাতে সংবাদমেলত দলৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় অসমত ব্ৰিটিছৰ দিনৰ পৰাই কয়লা উৎপাদন হৈ আহিছে।মাকুম, নামদাং, বৰগোলাই, লিডু, টিপং, দিল্লি-জয়পুৰ আদি ঠাই কয়লা খনিসমূহৰ পৰা Coal India Ltdৰ তত্ত্বাৱধানত কয়লা আহৰণ আৰু বিক্ৰী চলি আছে।কিন্তু শেহতীয়াভাৱে কিছু বছৰ পূৰ্বে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কিছু ঠাইত কয়লা খনিৰ সন্ধান পোৱা গৈছে।তাৰ ভিতৰত গৰমপানী কয়লাক্ষেত্র অন্যতম।কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰা বিগত কিছু বছৰ ধৰি অবৈধভাৱে কয়লা আহৰণ কৰি বিক্ৰী আৰু ব্যৱসায় চলাই থকা হৈছিল।এই বিষয়ে সংবাদ মাধ্যমত সমালোচনা আৰু দল-সংগঠনৰ প্ৰতিবাদ হোৱাৰ পিছত চৰকাৰে কয়লাজান আৰু গৰমপানী কয়লাক্ষেত্ৰ দুখন নিলামত আৱন্তন দিয়াৰ সিদ্ধান্ত লয়।কেন্দ্রীয় কয়লা মন্ত্রালয়ে কয়লাজান আৰু গৰমপানী কয়লাক্ষেত্ৰ দুখন নিলাম কৰে চলিত বৰ্ষ ৰক্ৰমে ৮ আৰু ১০ ফেব্ৰুৱাৰীত। উক্ত E-auction অর্থাৎ অনলাইন নিলাম প্রক্রিয়াত ব্যাপক অনিয়ম আৰু ৰহস্যজনক কর্মকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।অনলাইন নিলামৰ জৰিয়তে কয়লাজান আৰু গৰমপানী দুয়োখন কয়লা ক্ষেত্ৰৰ কৰ্তৃত্ব লাভ কৰিছে অসম চৰকাৰৰ PSU Assam Mineral Development Corporation (AMDC) য়ে। AMDC যে কয়লাজান কয়লাক্ষেত্র ৮১% আৰু গৰমপানী কয়লাক্ষেত্র ২৮৮% ৰাজহ ভাগ (revenue sharing) মডেলত আৱন্টন লাভ কৰিছে। উল্লেখ্য যে একেটা নিলামত অন্য কয়লাখনি আবন্টন পোৱা প্রতিষ্ঠানে ৮ ৰ পৰা ১৮% revenue sharing আৱন্টন পোৱাৰ কথা উল্লেখ কৰা হৈছে।তেন্তে AMDC ৰ revenue sharing ৮১% আৰু ২৮৮% আস্বাভাৱিকভাৱে উচ্চ নহয়নে?AMDC ৰ চমকপ্রদ ৰাজহ বিতৰণৰ হাৰ অনুসৰি কয়লা উত্তোলনৰ বিনিময়ত লাভতকৈ অধিক ধন চৰকাৰক আদায় দিব লাগিব।অর্থাৎ যদি ১০০ টকাৰ কয়লা উত্তোলন কৰা হয়, তেনেহ'লে AMIC এ চৰকাৰক ৰাজহৰ অংশ আদায় দিব লাগিব কয়লাজানেও ৮১ টকা আৰু গৰম পানীত ২৮৮.২৫টকা।১০০টকাৰ কয়লা উত্তোলন কৰি ২৮৮.২৫টকা চৰকাৰক দিবলগা হ'লে AMDC-এ বাকী ১৮৮টকা ক'ৰ পৰা উপাৰ্জন কৰিব বুলি প্ৰশ্ন কৰে।তেওঁ লগতে কয় যে কয়লাজান কয়লাক্ষেত্ৰত ৫৮ হাজাৰ টন আৰু গৰমপানী কয়লাক্ষেত্র ৪৮ লাখ টন কয়লা ভূগৰ্ভত মজুত আছে। কয়লাজান কয়লাক্ষেত্ৰৰ পৰা বছৰি ৪ হাজাৰ টন আৰু গৰমপানী কয়লাক্ষেত্ৰৰ পৰা ২০ হাজাৰ টন কয়লা উত্তোলন কৰিব পৰা যাব। প্রতি টন কয়লান মূল্য ৫৬১৪ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে। সেই হিচাপত কয়লা উত্তোলন কৰাত উত্তোলন খৰচ, ৰয়েল্টি আৰু অন্য খৰচ যোগ কৰি প্ৰতি টন কয়লা উত্তোলনৰ খৰচ হয়গৈ কয়লাজানত ৮০৮৭ টকা আৰু গৰমপানীত ১৯৬৯৮ টকা। তাৰ পিছত চৰকাৰী নিৰ্ধাৰিত মূল্যত কয়লা AMDC যে ক্ৰয় কৰিলে প্রতি টন কয়লাত কয়লাজানত ২৪৭৩ টকা আৰু গৰমপানীত ১৪০৮৩ টকা লোকচান হ'ব। ইমান বৃহৎ পৰিমাণৰ লোকচান ভূগি AMDC যে কয়লাৰ ব্যৱসায় কৰা সম্ভৱনে? লোকচান জানিও AMDC যে কয়লা ব্যৱসায়ৰ দায়িত্ব গাত পাতি লোৱাৰ কাৰণ কি ? চৰ্চিত আলোচনা অনুসৰি উল্লেখিত দৰ নিৰ্ধাৰণতে বৃহৎ কেলেংকাৰীৰ সুৰুঙা ৰাখি থোৱা হৈছে। সম্ভৱতঃ এখন চালানেৰে কেইবাখনো কয়লাৰ গাড়ী সৰবৰাহ আৰু 'অ'ভাৰ ল'ডিঙ'ৰ জড়িয়তে উক্ত কেলেংকাৰী সংঘটিত কৰোৱা হ'ব।এই প্ৰসংগত  মুখ্যমন্ত্ৰীয়ে বহিঃৰাজ্যৰ কয়লাৰ গাড়ী চেকিং,পৰীক্ষা-নীৰিক্ষা কৰা নহয় বুলি কৰা ঘোষণা দ্রষ্টব্য বুলি মন্তব্য কৰে।
অসম জাতীয় পৰিষদে এই সমগ্র বিষয়টো অৱগত কৰি লগতে আইন/নীতি-নিয়ম অনুসৰি কাৰ্য সম্পাদনৰ ব্যবস্থা কৰিবলৈ অসমৰ  ৰাজ্যপাল আৰু  মুখ্যসচিবলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে ভাৰতৰ প্ৰধানমন্ত্রী তথা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষক অৱগত কৰোৱা হ'ব বুলি সংবাদ মাধ্যমক জনায়।
আনহাতে মাজুলী উপ-নিৰ্বাচনত  জাতীয় পৰিষদৰ  প্ৰাৰ্থীৰ নাম দুই-এদিনৰ ভিতৰতে ঘোষণা কৰা হ’ব বুলি সাধাৰণ সম্পাদক ভূঞাই কয়।

Your Comments