
নিউজ ডেস্ক:
যোৱা ডেৰমাহে সন্ধানহীন হৈ আছে মৰিগাঁৱৰ এগৰাকী বোৱাৰী।৩জানুৱাৰীত স্বামী গৃহৰ পৰা সন্ধানহীন হোৱা বোৱাৰী গৰাকী হৈছে পূজা বিশ্বাস।স্বামীগৃহৰ পৰা ৰহস্য জনক ভাৱে সন্ধানহীন হোৱাত পূজাৰ পিতৃয়ে মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়ালৰ।শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি পূজাৰ পিতৃ-মাতৃয়ে কয়-মৰিগাঁও আৰক্ষী অধীক্ষকৰো কাষ চাপিছো কিন্তু কোনো সঁহাৰি পোৱা নাই।অধীক্ষক গৰাকীয়ে প্ৰথমে উদ্ধাৰ কৰি দিয়াৰ আশ্বাস দিছিল কিন্তু আজিলৈ উদ্ধাৰ কৰিব নোৱাৰিলে।যাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি সংবাদ মাধ্যমৰ আমি কাষ চাপিছো।
উল্লেখ্য যে, মৰিগাঁও জিলাৰ ঔজাৰীৰ কৃষ্ণ বিশ্বাসৰ কন্যা পূজা বিশ্বাসে ২০১৮ চনত ঘৰৰ পৰা পলাই গৈ প্ৰেম বিবাহত আৱদ্ধ হৈছিল গাঁৱৰে সাধন বিশ্বাসৰ পুত্ৰ সুকান্ত বিশ্বাসৰে।তিনি বছৰ স্বামী গৃহত থকাৰ পিছত যোৱা ৩জানুৱাৰীত হঠাৎ স্বামী গৃহৰ পৰা সন্ধানহীন হয় পূজা।
আনহাতে সন্ধানহীন পূজাক বিচাৰি নাপাই ৪ জানুৱাৰী দিনা পূজাৰ স্বামীগৃহ আৰু পিতৃগৃহই মৰিগাঁও আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিবলৈ যায়।কিন্তু মৰিগাঁও আৰক্ষীয়ে স্বামী গৃহৰ এজাহাৰ গ্ৰহণ কৰে যদিও পিতৃ গৃহৰ এজাহাৰ গ্ৰহণ নকৰা অভিযোগ পূজা পৰিয়ালৰ। পূজাৰ পিতৃ কৃষ্ণ বিশ্বাসে অভিযোগ কৰি কয় আৰক্ষীয়ে তেওঁৰ এজাহাৰ গ্ৰহণ নকৰে আৰু তেওঁ এজাহাৰ দিলে তেওঁকহে জেলত ভৰাই দিয়াৰ ভাবুকি দিয়ে।
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সহযোগত পূজা পিতৃ পৰিয়ালে সম্বোধন কৰা সংবাদমেলত সন্দেহ প্রকাশ কৰি কয়- স্বামী গৃহৰ লোকে ধনৰ বিনিময়ত তেওঁৰ কন্যা পূজাক বহিঃৰাজ্যত বিক্ৰী কৰিছে।
- Log in to post comments
- 14 views