এতিয়াৰে পৰা গাঁৱত ব্যৱসায় কৰিবলৈ নালাগে ট্ৰেড লাইচেন্সঃ ড° হিমন্ত বিশ্ব শৰ্মা

A


নিউজ ডেস্ক:
এতিয়াৰে পৰা গাঁৱত ব্যৱসায় কৰিবলৈ নালাগে ট্ৰেড লাইচেন্স।লগতে প্ৰয়োজন নহ’ব গাঁওবুঢ়া, পঞ্চায়ত সভাপতিৰ প্ৰমাণ পত্ৰ ৷উল্লেখ্য যে ,পঞ্চায়ত এলেকাত সুৰাৰ বিপনী আৰু বাৰৰ বাহিৰে আন আন দোকানৰ বাবে নালাগে ট্ৰেড লাইচেন্স।মাছখোৱাত অনুষ্ঠিত হোৱা এক দলীয় সভাত আজি এই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,"মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সপোন পূৰণ কৰিবলৈ আমাৰ প্ৰণালীৰ পৰা 'অতিৰিক্ত বাধ্যবাধকতা' আঁতৰোৱাৰ দিশত আমি কাম কৰি আছোঁ। এই উদ্দেশ্যৰে সুৰাৰ বাহিৰে পঞ্চায়ত এলেকাত ব্যৱসায় কৰিবলৈ কোনো বাণিজ্য অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নহ'ব"। 

 

Your Comments