
নিউজ ডেস্ক:
গুৱাহাটীৰ দীঘলীপুখুৰী সমীপৰ সিদ্ধি নাথ শৰ্মা ভৱনৰ প্রাংগণত শনিবাৰে অনুষ্ঠিত হয় সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ ৰাজ্যিক কমিটি আৰু মহানগৰ সমিতিৰ যুটীয়া বৈঠক।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।বৈঠকৰ সিদ্ধান্ত মৰ্মে স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া বঁটা
মহানগৰ সমিতিয়ে চলিত বৰ্ষৰ পৰা প্ৰদান কৰিব ।
ইয়াৰ উপৰিও নামনি অসমৰ নলবাৰী, বৰপেটা, বঙাইগাঁও, বজালী, বাক্সা আদি জিলাত জিলা সমিতি শীঘ্ৰে গঠন কৰা সিদ্ধান্ত লয় ৰাজ্যিক সমিতিয়ে।
অসমৰ গৰীয়াসকলৰ প্ৰস্তাৱিত সুকীয়া জৰীপৰ কাম তৰান্বিত কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংগঠনটোৱে প্ৰদান কৰিব স্মাৰক পত্ৰ।বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰে ৰাজ্যিক সমিতিৰ সভাপতি মইনুল ইছলামে।
গুৱাহাটী দীঘলীপুখুৰীৰ সমীপত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে সংগঠনটোৰ মহানগৰ সমিতিৰ উপ সভাপতি ইউচুফ আহমেদ।লগতে ৰাজ্যিক সাধাৰণ সম্পাদক মিৰ আৰীফ ইকবাল হুছেইন, কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদ, মহিলা কোষৰ সাধাৰণ সম্পাদিকা চৈয়দা নুৰীজাহান প্ৰমুখ্যে বিষয়- ববীয়াসকল।
উল্লেখ্য যে ,ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১৮খন জিলাত বৰ্তমান সংগঠনটোৰ জিলা কমিটি গঠন হৈছে।
- Log in to post comments
- 106 views