অসমীয়া ছবিৰ সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈৰ দেহাৱসান

A

নিউজ ডেস্ক:

ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক দু-খবৰ।অসমীয়া চলচ্চিত্ৰৰ বিশিষ্ট সংগীত পৰিচালক ৰাজেশ্বৰ বৰদলৈৰ দেহাৱসান।শুকুৰবাৰে দুপৰীয়া ২.৩০বজাত মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পৰিচালক গৰাকীয়ে।উল্লেখ্য যে বিগত চাৰিদিন ধৰি চিকিৎসাধীন হৈ আছিল বৰদলৈ।
১৯৩৪চনত জন্ম গ্ৰহণ কৰা বৰদলৈয়ে ভালকেইখন অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছিল।১৯৫৮ চনত মুক্তিলাভ কৰা আনোৱাৰ হুছেইনৰ 'নতুন পৃথিৱী' নামৰ ছবিখনত মুকুল বৰুৱাৰ সৈতে যুটীয়াভাৱে সংগীত পৰিচালনা কৰা বৰদলৈয়ে পিছলৈ ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত 'তেজীমলা' ছবিখনত সংগীত পৰিচালনা কৰিছিল।অসম আন্দোলনৰ সময়ত ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত আনোৱাৰ হুছেইনৰে আন এখন জনপ্ৰিয় ছবি 'শ্ৰী শ্ৰী মা কামাখ্যা'ৰো সংগীত পৰিচালক আছিল প্ৰয়াত বৰদলৈ।ইয়াৰ উপৰিও ২০০৭চনত মুক্তিলাভ কৰা শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত তথা লণ্ডনত চিত্ৰগ্ৰহণ হোৱা প্ৰথমখন অসমীয়া ছবি 'অহিৰ ভৈৰৱ'ত সংগীত পৰিচালনা কৰিছিল।
এগৰাকী সুদক্ষ একৰডিয়ান আৰু পিয়ানো বাদক হিচাপে সুনাম আছিল বৰদলৈৰ।বিশেষকৈ পশ্চিমীয়া সংগীতৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট দখল আছিল।মৃত্যুৰ সময়ত বৰদলৈৰ বয়স হৈছিল ৮৭ বছৰ ।

Your Comments