
নিউজ ডেস্ক:
গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ পৰলোক।শুক্ৰবাৰে পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে শৰ্মাই।মৃত্যুৰ সময়ত বয়স আছিল ৬৫বছৰ। উল্লেখ্য যে বুধবাৰে জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন সচিব গৰাকীক।চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে শুক্ৰবাৰে পুৱা ৯.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই।
ৰুক্মিণীগাঁৱৰ নিজ বাস ভৱনলৈ নশ্বৰদেহ লৈ যোৱাৰ পাছত কলাক্ষেত্ৰতো শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হয় শৰ্মাৰ।
উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাপক সচিব আছিল প্ৰয়াত শৰ্মা।১৯৯৯ চনৰ পৰা ১০বছৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ইফালে প্ৰাক্তন সচিব শৰ্মাৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।মুখ্যমন্ত্ৰী শৰ্মাই প্ৰয়াত শৰ্মাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।তেওঁ এগৰাকী দক্ষ প্ৰশাসক হিচাপে কলাক্ষেত্ৰ উত্তৰণত অপৰিসীম ভূমিকা পালন কৰা বুলি শৰ্মাই কয়।
- Log in to post comments
- 12 views