
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ জু-ৰোড তিনিআলিত প্ৰস্তাৱিত দুই লেনযুক্ত উৰণীয়া সেতু নিৰ্মাণৰ বাবে বহুবছৰীয়া পুৰণি গছসমূহ কাটি ধ্বংস কৰা কাৰ্যক তীব্র গৰিহণা দিছে সচেতন জনতাই।শুকুৰবাৰে একাংশ স্থানীয় জনতাই জু-ৰোডত চৰকাৰে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰকৃতি ৰক্ষাৰ বিভিন্ন শ্লোগানৰ প্লে কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদী জনতাই।উল্লেখ্য যে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে উৰণীয়া সেতুখন নিৰ্মান কৰাৰ বাবেই ইতিমধ্যে কাটি পেলাইছে ৫০-৬০বছৰীয়া পুৰণি গছসমূহ।চৰকাৰৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় অঞ্চলবাসী।
ইফালে বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটত এজোপা গছ কাটিলে ১০জোপা গছ ৰোপন কৰিব লাগিব বুলি লোৱা সিদ্ধান্তক প্ৰতিবাদকাৰীসকলে হাস্যকৰ বুলি অভিহিত কৰে।৫০-৬০বছৰীয়া পুৰণি গছ এজোপা কাটি ১০জোপা নতুন গছ ৰোপন কৰিব সেইয়া মানি লব নোৱাৰি।গুৱাহাটীত ইতিমধ্যে গছ-গছনিৰ সংখ্যা হ্ৰাস পাই আহিছে।কিমানখিনি ৰক্ষা কৰিব পাৰো সেইয়াহে আমাৰ প্ৰধান পদক্ষেপ হ’ব লাগে।উন্নয়নৰ বাবে গছ কাটি যাম আৰু নতুনকৈ ৰোপণ কৰিম সেইটো উদ্দেশ্য হ’ব নালাগে।
উল্লেখ্য যে ইতিমধ্যে কাটি পেলোৱা পুৰণি গছসমূহত তেওঁলোকে গছৰক্ষাৰ বিভিন্ন শ্লোগান সম্বলিত পোষ্টাৰিং কৰি কয়- বন বিভাগে ৰাতি চোৰৰ দৰে গছসমূহ কাটিছে।
- Log in to post comments
- 15 views