ঘোচখোৰ জনতা ভৱনৰ কৃষি বিভাগৰ উচ্চ বৰ্গৰ সহায়িকা পাপৰি মেহতাক ১৫হাজাৰ টকাসহ গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

উৎকোচ লৈ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ  জালত জনতা ভৱনত কৰ্মৰত কৃষি বিভাগৰ উচ্চ বৰ্গৰ সহায়িকা পাপৰি মেহতা।উল্লেখ্য যে অভিযোগ মতে কৃষি বিভাগত অনুকম্পামূলক নিযুক্তিৰ বাবে এগৰাকী বিধৱা মহিলাৰ পৰা ১লাখ টকা উৎকোচ বিচাৰিছিল ধৃত পাপৰিয়ে।মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই হাতে-লুটে ধৰিবলৈ বৃহস্পতিবাৰে পুৱা ১০:৩০বজাত মহিলা গৰাকীৰ পৰা ১৫ হাজাৰ টকা লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰে ঘোচখোৰ কৰ্মচাৰী পাপৰি মেহতাক।
উল্লেখ্য যে কৃষি বিভাগত গাড়ী চালক স্বামীৰ মৃত্যুৰ পাছত অনুকম্পামূলক নিযুক্তিৰ বাবে বিধৱা মহিলা গৰাকীয়ে আৱেদন জনাইছিল।উক্ত আৱেদনৰ ভিত্তিত নিযুক্তিৰ বাবে ১লাখ টকা পাপৰিয়ে উৎকোচ বিচাৰিছিল।তাৰে প্ৰথম কিস্তি হিচাপে ১৫হাজাৰ টকা আজি লৈছিল।
আনহাতে, কৰ্মচাৰী মহিলা গৰাকীক গ্ৰেপ্তাৰৰ পাছতে দুৰ্নীতি নিবাৰক শাখাই ৪/২০২২ নম্বৰত ৰুজু কৰিছে গোচৰ।উক্ত গোচৰৰ ভিত্তিত তদন্ত অব্যাহত থকা বুলিও জানিব দিছে।

Your Comments