
নিউজ ডেস্ক:
শোকাকুল পৰিৱেশৰ মাজত পঞ্চভূতত বিলীন সংগীত শিল্পী অপূৰ্ব বেজবৰুৱা।শিৱসাগৰ জিলাৰ নাজিৰাত ১০৫১চনত জন্ম হোৱা বেজবৰুৱাৰ অন্তিম ঠিকনা হ’ল গুৱাহাটী নৱগ্ৰহ।বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত পুৱাই প্ৰয়াত বেজবৰুৱাৰ নশ্বৰদেহ হাস্পতালৰ পৰা লৈ যোৱা হয় কাহিলীপাৰাস্থিত বাসগৃহলৈ।শোকাকুল পৰিৱেশৰ মাজত পৰিয়ালে শেষবাৰৰ বাবে শ্ৰদ্ধা জনায় নশ্বৰদেহত।তাৰ পাছতেই জ্যোতি চিত্ৰবন, ৰবীন্দ্ৰ ভৱনলৈ নশ্বৰদেহ অনা হয়।উল্লেখ্য যে বুধবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পী বেজবৰুৱাই।ব্ৰেইন ষ্টক'ত আক্রান্ত হৈ মঙলবাৰে দিছপুৰ পলিক্লিনিকত ভৰ্তি হৈছিল শিল্পী গৰাকী।এটা দিন চিকিৎসালয়ত জীৱন মৃত্যুৰে যুজঁ দি নিষ্ঠুৰ নিয়তীৰ ওচৰত হাৰ মানিছিল।
ইফালে নৱগ্ৰহ শ্মশানত বহুজন গুণমুগ্ধই বেজবৰুৱাক অন্তিমবাৰ শ্রদ্ধা জনায়।অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই নৱগ্রহতে শেষ শ্ৰদ্ধা জনায়।
- Log in to post comments
- 10 views