নলবাৰীৰ ভাগ্যশ্ৰী মটৰ্ছত তিনিদিনীয়াকৈ যজ্ঞৰ আয়োজন : ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ যজ্ঞত

A

B

নিউজ ডেস্ক:

নলবাৰী জিলাৰ গনেশ মন্দিৰৰ সমীপত অৱস্থিত ভাগ্যশ্ৰী মটৰ্ছত তিনিদিনীয়াকৈ আৰম্ভ কৰা হনুমান যজ্ঞত কালি ৰাজ্য চৰকাৰৰ দুগৰাকী মন্ত্ৰী ক্ৰমে কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই উপস্থিত থাকি বিশ্বশান্তিৰ বাবে সেৱা অৰ্চনা কৰে।বিশ্ব শান্তি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সপোন পূৰণৰ অৰ্থে আয়োজন কৰিছে ভাগ্যশ্ৰী মটৰ্ছৰ স্বতাধিকাৰী তথা অসম গণ পৰিষদৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক সদস্য  দিলীপ কুমাৰ দাসে।ইফালে মুখ্যমন্ত্ৰীৰ সপোন পূৰণৰ লগতে বিশ্ব শান্তি আৰু কোভিদৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে  যজ্ঞ ২০২১ বৰ্ষৰ দৰে এইবেলিও এই যজ্ঞ কৰিছে বুলি দাসে জানিব দিয়ে ।  ৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই যজ্ঞৰ আজি অৰ্থাৎ ১০ ফেব্ৰুৱাৰীত পূৰ্ণাহুতিৰ পিছতে সামৰণি পৰিব।ইফালে কালি  এই যজ্ঞত দুপৰীয়া নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে উপস্থিত হৈ সেৱা আশীষ লোৱাৰ বিপৰীতে আবেলি ভাগত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰি সেৱা অৰ্চনা কৰি দেশ তথা ৰাজ্যৰ  মংগল কামনা কৰে।ইফালে যজ্ঞত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে অসম চৰকাৰৰ নেতা মন্ত্ৰী বিধায়ক উপস্থিত হোৱাৰ সম্ভাৱনা আছে।কৃষিমন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত আগন্তুক পৌৰসভাৰ নিৰ্বাচনকে ধৰি  সকলো নিৰ্বাচনতে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা থাকিব বুলি সদৰী কৰে। আনপিনে স্বাস্থ্য মন্ত্ৰী কেশৱ মন্ত্ৰী সংবাদিকৰ আগত কয় যে কাৰ্ফিউ ইয়াত কৈ কিছু শিথিল কৰাকে ধৰি এছ ও পি সন্দৰ্ভত আহিব পাৰে বহু শিথিলতা বুলি সদৰী কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীসকলক দুয়ো পালি ভেকচিন দিয়াৰ ব‍্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। লগতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা বিদ‍্যালয়সমুহ খোলাৰ ক্ষেত্ৰত বৰ্তমান আলোচনা অব্যাহত থকাৰ কথাও মন্ত্ৰী মহন্তই মন্তব্য কৰে।

Your Comments