
নিউজ ডেস্ক:
নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি।জৰুৰীকালীন ভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ নির্দেশ বিষয়া গৰাকীক।উল্লেখ্য যে মিশ্ৰই বৰঠাকুৰ আয়োগৰ প্ৰতিবেদনক সমালোচনা কৰিছিল।তাৰে ফলশ্ৰুতিত চৰকাৰৰ গৃহ বিভাগৰ ৰোষত আৰক্ষী বিষয়া গৰাকী।বিশেষ সূত্ৰৰ খবৰ মতে অধীক্ষক গৰাকী অপসাৰণ হোৱা সম্ভাৱনা আছে।
গুৰুত্বপূৰ্ণ কথা এই যে ,অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ প্ৰতিবেদন উন্মোচন কৰিছিল৷ আৰক্ষীৰ ভুলৰ বাবে গুলিবিদ্ধ হ’ব লগা হৈছিল নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰা।
- Log in to post comments
- 63 views