
নিউজ ডেস্ক:
ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে দু-খবৰ। বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই।ব্ৰেইন ষ্ট'কত আক্রান্ত শিল্পী গৰাকীয়ে চিকিৎসাধীন অৱস্থাত গণেশগুৰিস্থিত দিছপুৰ পলিক্লিনিকত আজি সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে মঙলবাৰে পুৱাই পৰিয়ালৰ লোকে শিল্পী বেজবৰুৱাক ভৰ্তি কৰিছিল চিকিৎসালয়ত।সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা সংগীত শিল্পী গৰাকীক আই চি ইউত লাইফ চাপোৰ্ট চিষ্টেমত ৰখা হৈছিল।
১৯৫১চনৰ ১৫অক্টোবৰত নাজিৰাত জন্ম গ্ৰহণ হৈছিল শিল্পী গৰাকী।অসমীয়া সংগীত জগতত বহুকেইটা চিৰ সেউজ গীতৰ উপহাৰ দি গৈছে প্ৰয়াত শিল্পী গৰাকীয়ে।
ইফালে শিল্পী গৰাকীৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগেই গুণমুগ্ধৰ মাজত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে।
- Log in to post comments
- 8 views