হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০সংখ্যক জন্মজয়ন্তীত আজি দ্বিতীয়দিনাও পৱিত্ৰ শ্ৰীশ্ৰী বটদ্ৰৱা থান হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে । আজি দ্বিতীয়দিনা কাৰ্যসূচী আৰম্ভ হয় পুৱা তাল কোবোৱা প্ৰসংগৰে ।

ইয়াৰ পাছতে মঞ্জিৰা নাম, শ্ৰীশ্ৰী নৰোৱা সত্র আৰু শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ ৰাইজ তথা যুৱক-যুৱতীৰ দ্বাৰা ঊষা কীৰ্তন আৰু আইসকলৰ নামৰ অন্তত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । শোভাযাত্ৰা মুকলি কৰে থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই ।

হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

ইয়াৰ পাছতে খোল-নাম প্ৰসংগ আৰু গুৰুচৰিত পাঠ কৰা হয় । সন্ধ্যা ৫৭০ গছি বন্তি প্ৰজ্জ্বালন কৰে শ্ৰীশ্ৰী নৰোৱা সত্রৰ দেবেন আতৈ আৰু শ্ৰীশ্ৰী শ'লগুৰি সত্ৰৰ যোগেশ বৰনামলগোৱাই । নিশা শ'লগুৰি সত্ৰৰ ৰাইজৰ দ্বাৰা "নৃসিংহ যাত্ৰা" ভাওনা প্ৰদৰ্শন কৰা হয় ।

হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত গুৰু জয়ন্তী অনুষ্ঠানৰ মঙলবাৰে শুভাৰাম্ভ হয় পুৱা তাল কোবোৱা প্ৰসংগৰে । ইয়াৰ পাছতে মঞ্জিৰা নাম, আইসকলৰ নাম, খোল-নাম প্ৰসংগ কৰা হয় ।

বিয়লি সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা উদ্বোধন কৰি শ্ৰীশ্ৰী নৰোৱা সত্রৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে কয় যে বৰ্তমান গুৰুজনাৰ সংস্কৃতি পৰিবেশনত যিধৰণৰ অপধাৰাই শিপাবলৈ ধৰিছে সেয়া অতি চিন্তনীয় ।

হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

গুৰুজনাৰ  সংস্কৃতি পৰিবেশন তথা প্ৰচাৰৰ ক্ষেত্ৰত বৰ্তমান ছেন্সৰ বোৰ্ডৰ প্ৰয়োজন । ইয়াৰ পাছতে শ'লগুৰি সত্ৰৰ ডম্বৰুধৰ বৰনামলগোৱাই  গুৰুচৰিত পাঠ কৰে । সন্ধ্যা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰে শ্ৰীশ্ৰী শ'লগুৰি সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তই ।

হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

বৰগীত আৰু দিহানাম প্ৰতিযোগিতাত অৰ্ধশতাধিক প্ৰতিযোগীয়ে যোগদান কৰে । সম্প্ৰতি মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান  বটদ্ৰৱা থানৰ চৌদিশে আলোকসজ্জাৰে আলোকিত কৰি তোলা হৈছে ।

Your Comments