
নিউজ ডেস্ক:
শিল্পী অপূৰ্ব বেজবৰুৱাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল’ব অসম চৰকাৰে।
এই কথা সদৰি কৰিছে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই।
উল্লেখ্য যে,দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছে বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱা।
ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে শিল্পী গৰাকী। এতিয়ালৈকে অচেতন হৈ আছে অপূৰ্ব বেজবৰুৱা।
জানিব পৰা মতে, ভেন্টিলেটৰত ৰখা হৈছে শিল্পী গৰাকীক।
- Log in to post comments
- 10 views