
নিউজ ডেস্ক:
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি বিহু অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ জনোৱা আহ্বানৰ পিছতেই বিহু মঞ্চত অনুষ্ঠান নকৰাৰ কথা ঘোষণা কৰিছে শিল্পী জুবিন গাৰ্গে।সাংবাদিকৰ আগত জনপ্ৰিয় শিল্পী জুবিনে মুখ্যমন্ত্ৰীৰ ভাষ্যক প্ৰত্যুত্তৰ দি কয়-"বিহুৰ ছিষ্টেমেই যদি সকলোৱে মিলি সলাব বিচাৰিছে তেন্তে সলাই দিয়ক।কিন্তু ইয়াৰ বাবে শিল্পী সকলৰ সমস্যা হ’ব"।
ইফালে বিহুৰ প্ৰতি নিজকে ইমান আগ্ৰহী নহয় বুলি উল্লেখ কৰি শিল্পী গৰাকীয়ে কয়- অহা বছৰ মোৰ ৫০বছৰ হ’ব, বিহু অনুষ্ঠান বন্ধ কৰি দিম'।
আনহাতে শিল্পী জুবিনে বিহু মঞ্চ ত্যাগ কৰা সন্দৰ্ভত অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয়- জুবিন দা হয়তো আবেগিক হৈ এই কথা কৈছে।যিহেতু আমাক ৰাইজে বনাইছে, ৰাইজৰ শিল্পী আমি।গতিকে ৰাইজে যিটো বিচাৰিব তাকে হ’ব।ৰাইজে বিচাৰিলে আৰু ২০বছৰ জুবিন দাই গীত গাই থাকিব মোৰ বিশ্বাস।
"অসমীয়া ৰাইজে চান্দা লৈ বিহুৰ অনুষ্ঠান আয়োজন নকৰে।সাত বিহু কেতিয়াও কোনেও চান্দা লৈ পালন নকৰে।দাবী ধমকি দি কোনেও কাৰো পৰা লব নালাগে' -বৰষাই কয় ৷
ইফালে কন্ঠশিল্পী প্ৰিয়ংকা ভঁৰালীয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বিহু হ’ব বুলি কৰা ঘোষণাক আদৰণি জনায় ।শিল্পীসকলৰ বাবে এইয়া আশাৰ খবৰ।কিন্তু চান্দা বন্ধ কৰা প্ৰসংগত ভঁৰালীয়ে কয়- ৰাইজৰ দান-বৰঙণিৰেহে বিহু অনুষ্ঠানসমূহ হয়।দান-বৰঙণি আৰু জোৰ কৰি চান্দা সংগ্ৰহ কৰাৰ মাজত পাৰ্থক্য আছে।ভাল ব্যৱস্থা কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সন্মতি দিয়ে ।কিন্তু সেই ব্যৱস্থাৰ বাবে শিল্পীসকলৰ অসুবিধা নহয় বা অনুষ্ঠান আয়োজন কৰাত সমস্যা নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।
- Log in to post comments
- 15 views