
নিউজ ডেস্ক:
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰী সকলৰ সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডটো সপ্তম দিনত ভৰি দিলে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। পৃথকে পৃথকে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।যাৰ পৰিপ্ৰেক্ষিতত উন্নয়ন খণ্ডটোৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ গ্ৰামোন্নয়ন বিভাগৰ কাম কাজ সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। ৬০ বছৰলৈকে চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীসকলে পোৱা বেতনৰ সমহাৰত বেতন দিয়া, নিয়মীয়া কৰ্মচাৰী সকলে চৰকাৰৰ পৰা পোৱা সকলো সা-সুবিধা ঠিকাভিত্তিক নিযুক্ত কৰ্মচাৰী সকলে যাতে লাভ কৰে তাৰেই প্ৰতিবাদত কৰ্মবিৰতি কাৰ্যসূচী পালন কৰি অৱস্থান ধৰ্মঘট কৰে।উন্নয়ন খণ্ড দুটাৰ অন্তৰ্গত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়তত ঠিকাভিত্তিক কৰ্মচাৰী হিচাবে কাম কৰি অহা গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক,গাণন সহায়ক,গাঁও পঞ্চায়ত সমন্বয়ক,আৰু স্বীকৃতিপ্ৰাপ্ত অভিযন্তা ধৰি কৰ্মচাৰীসকলে কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যাৰ ফলত স্থবিৰ হৈ পৰিছে পঞ্চায়তৰ কাম-কাজ সমূহ।
উল্লেখ্য যে বিগত ২০০৯ চনৰ পৰাই গাঁও পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নোহোৱাত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে। অতি কম পৰিমাণৰ পাৰিতোষিকত জীৱন-জীৱিকালৈ ও সংকট আহিব ধৰা এইসকল গ্ৰামোন্নয়নৰ লগত জড়িত কৰ্মচাৰীয়ে দিনে-ৰাতিয়ে একাকাৰ কৰি কাম কৰি আহিছে। চৰকাৰৰ প্ৰতিটো উন্নয়নমূক কাম কৰি অহাৰ উপৰিও শেহতীয়াকৈ কভিড-১৯, বানপানী, অৰুনোদয় আঁচনি ইত্যাদি কাম কৰি আহিছে। চৰকাৰক অনুনয় বিনুনয় তথা বাৰম্বাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে বিভাগটোৰ মুৰব্বী মুখ্য সচিব জে বি এক্কাৰ সঞ্চালনাত ২০১৯ বৰ্ষৰ ১৪ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কায্যালয়ত দীৰ্ঘদিনীয়া দাবীৰ সন্দৰ্ভত এক আলোচনাও দ্বি-পাক্ষিকভাৱে হৈ গৈছিল। উক্ত আলোচনা মৰ্মে ২০১৯ বৰ্ষৰ ১৬ নবেম্বৰৰ ভিতৰত চাকৰি সুৰক্ষিত কৰা, স্বাস্থ্য বীমা সংযোজন কৰা, প্ৰতিবছৰে ১০ শতাংশকৈ দৰমহা বৃদ্ধি কৰা, প্ৰতিগৰাকী কৰ্মচাৰীক পিএফ/ইপিএফ/চিপিএফ প্ৰযোজ্য কৰা আৰু যোগ্যতা-অভিজ্ঞতাৰ ভিত্তিত গ্ৰামোন্নয়ন বিভাগত খালী হৈ থকা চাকৰিত নিযুক্তি দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ইয়াৰ এটা দফাও আজিও কায্যকৰী হোৱা নাই। আনহাতেদি বিভাগটোৱে ১০০৪ টাকৈ পদ বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও বিগত ৫ বছৰৰ পৰা ১১ বছৰ পৰ্যন্ত কামৰ অভিজ্ঞতা থকা কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নহ’ল লগতে ইতিমধ্যেই বহুতৰ বয়স ওকলি যোৱাত আবেদনো কৰিব নোৱাৰে। প্ৰবল বঞ্চনা আৰু মিছা প্ৰতিশ্ৰুতি দি অহা লগতে কথা দি কথা নৰখা বাবে কৰ্মচাৰীসকলে এলানি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু এই আন্দোলন ইতিমধ্যে সপ্তম দিনত ভৰি দিছে যদিও আন্দোলন কাৰি সকলে মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচৰাৰ বিপৰীতে মুখ্য মন্ত্ৰী গৰাকীয়ে বিভাগীয় মন্ত্ৰী লৈ দায়িত্ব থেলি দি গা এৰা মনোভাৱ লোৱা বুলি আক্ষেপ প্ৰকাশ কৰে আন্দোলন কাৰী সকলে। ইফালে বিষয়টোৰ এক স্থায়ী সমাধান নোহোৱালৈকে আন্দোলনৰ কাৰ্যসূচী অব্যাহতি ৰাখিব বুলি হুঙ্কাৰ দিয়ে আন্দোলন কাৰি সকলে।
- Log in to post comments
- 47 views